Chandrayaan 3: গুৱাহাটীৰ বিদ্যালয়ত চন্দ্ৰযান 3 অৱতৰণৰ দৃশ্য উপভোগ মুখ্যমন্ত্ৰীৰ - ৰিণিকি ভূঞা
🎬 Watch Now: Feature Video


Published : Aug 23, 2023, 8:43 PM IST
গুৱাহাটী, 23 আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চন্দ্ৰযান 3 অৱতৰণৰ দৃশ্য বুধবাৰে গুৱাহাটীৰ আজাৰাস্থিত ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পত্নী ৰিণিকি ভূঞাৰ সৈতে একেলগে উপভোগ কৰে । দিল্লীৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ পোনে পোনে বিদ্যালয়খনত উপস্থিত হয় মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰীসকল ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চন্দ্ৰযান 3 অৱতৰণৰ দৃশ্য উপভোগ কৰাৰ পিচত বিদ্যালয়ৰ চৌহদত সাংবাদিকসকলক সম্বোধন কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি এটা গৌৰৱৰ ক্ষণ । দেশবাসী এক বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল ৷ তেওঁ ভাৰতৰ মহাকাশ বিজ্ঞানী, ISRO-ক অভিনন্দন জনায় কয় যে অমৃত কালৰ প্ৰভাতী মুহূৰ্তত ভাৰতে দেখুওৱা সফলতাই বিশ্বৰ এখন বিকশিত দেশলৈ ভাৰতক ৰূপান্তৰিত কৰিব ।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যৰ ৩১৫০০ খন বিদ্যালয়ত এই চন্দ্ৰযান ৩ অৱতৰণৰ দৃশ্য দেখুওৱা হৈছে । প্ৰায় ১৪ লাখ শিক্ষাৰ্থীয়ে এই গৌৰৱৰ মুহূৰ্তৰ সাক্ষী হৈছে । শিক্ষা বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগক ধন্যবাদ জনায় । চন্দ্ৰযান ৩-ৰ ওপৰত অসমত ৩ খনকৈ ৰচনা প্ৰতিযোগিতা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।
লগতে পঢ়ক : Chandrayaan-3: চন্দ্ৰযান-৩ অৱতৰণৰ আনন্দত বুৰ গ'ল মাজুলী