Constituency delimitation: তিনিজন গগৈ একেলগ হোৱাটো জাতিটোৰ বাবে ভাল লক্ষণ নহয়; মুখ্যমন্ত্ৰী - গৌৰৱ গগৈ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 1, 2023, 10:34 PM IST

ডিব্ৰুগড়, 1 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ তিনিজন গগৈ একেলগ হোৱাটো জাতিটোৰ বাবে ভাল লক্ষণ নহয় ৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ উল্লেখ্য যে নিবাৰ্চন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ হোৱা পাচতেই ৰাজ্যত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ ৷  

শুকুৰবাৰে শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে একলগে হৈ সমষ্টি বিলুপ্তিকৰণক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ইয়াৰ পাচতে শনিবাৰে বিষয়টোক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নামৰূপত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ 

তেওঁ কয়, ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ তিনিজন গগৈ একেলগ হোৱাটো জাতিটোৰ বাবে ভাল লক্ষণ নহয় ৷ অসমীয়া জাতিটো এতিয়া বিশেষ এটা শ্ৰেণীৰ কবলত পৰি ককবকাই আছে ৷ সেয়ে এতিয়া ৰাভা , চুতীয়া , মৰাণ ,মটক, ৰাভা সকলো একলগ হ'ব লাগিব । কেৱল তিনি গগৈ একলগ হ'লে জাতিটো ৰক্ষা নহয়, বৰঞ্চ জাতিৰ বাবে বিপজ্জনক হে হ’ব ৷’’  

লগতে পঢ়ক: Piyush Hazarika: সাংসদ গৌৰৱ গগৈক প্ৰত্যাহ্বান পীযূষ হাজৰীকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.