Silsako Eviction: শিলসাঁকোৰ উচ্ছেদক লৈ আন্দোলন কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - Silsako Eviction
🎬 Watch Now: Feature Video


Published : Sep 1, 2023, 3:10 PM IST
|Updated : Sep 1, 2023, 3:35 PM IST
নগাঁও, 1 ছেপ্টেম্বৰ: শিলসাঁকোত চলি থকা উচ্ছেদ অভিযানক লৈ শুকুৰবাৰে নগাঁৱত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত পূৰ্বেই ৰাইজৰ সৈতে আলোচনা হোৱাৰ কথা শুকুৰবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।
ৰাইজৰ সৈতে হোৱা আলোচনা অনুসৰি উচ্ছেদ চলাই থকাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ কথাও ইতিমধ্যেই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত ।
কিন্তু উচ্ছেদক লৈ একাংশই প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰি যধে-মধে প্ৰতিবাদ সাব্যস্ত কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যেই আৰক্ষীক নিৰ্দেশ দিয়া বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক: Eviction at Silsako : ‘‘হয় গুলীয়াই মাৰক, নহ'লে নিজেই পেট্ৰ’ল ঢালি মৰিম’’; প্ৰতিবাদকাৰীৰ ভাবুকি