New Medical college in Nagaon: নগাঁৱত মুখ্যমন্ত্ৰীৰ ভৰিত পৰিল কোন ? - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 3, 2023, 3:08 AM IST

Updated : Feb 3, 2023, 8:40 PM IST

নগাঁঁও, ২ ফেব্ৰুৱাৰী: নগাঁৱত ড্ৰাইভাৰৰ চাকৰি বিচাৰি মুখ্যমন্ত্ৰীৰ ভৰিত ধৰিলে এজন যুৱকে । মুখ্যমন্ত্ৰীয়ে ক'লে তই Exercise কৰি আছ কিয় ! উল্লেখ্য যে, নগাঁৱৰ ম'হখুলিস্থিত নিৰ্মীয়মান মেডিকেল কলেজ পৰিদৰ্শন কৰিবলৈ বৃহস্পতিবাৰে জিলাখনত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta visits Nagaon Medical college) ৷ মুখ্যমন্ত্ৰী শৰ্মাই মেডিকেল কলেজখন পৰিদৰ্শন কৰি ইয়াৰ বিভিন্ন দিশ বুজ লয় ৷ এই সময়চোৱাত বহুকেইজন আহি মেডিকেল কলেজত চাকৰি বিচাৰি মুখ্যমন্ত্ৰীক খাতিৰ কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়েও তেওঁলোকৰ আবেদনৰ প্ৰতি সঁহাৰি জনায় প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও মেডিকেল কলেজ পৰিদৰ্শনৰ অন্তত মেডিকেল কলেজৰ পৰা ওভতাৰ পথত এজন যুৱকে আহি তেওঁৰ ভৰিত ধৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত ধৰি এটা চাকৰিৰ বাবে অনুৰোধ কৰে যুৱকজনে । 

ড্ৰাইভাৰৰ চাকৰি বিচাৰি মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনায় যুৱকজনে ৷ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধেমেলীয়া সুৰত যুৱকজনক সুধিলে- "তই এক্সাৰছাইছ কৰি আছ কিয় ? ক’ৰবাত এথলেটিক্স খেলিব যাবি নেকি তই ৷ ইমান যে ধুনীয়া এক্সাৰছাইছ কৰিছে যে তই ৷" মুখ্যমন্ত্ৰীয়ে লগতে মেডিকেল কলেজৰ বাবে বৰ্তমান এম্বুলেন্স ক্ৰয় কৰি থকা থকাৰ কথা উল্লেখ কৰি পাছত তেওঁলোকক যোগাযোগ কৰিবলৈ কয় ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনকালত তেওঁৰ লগত উপস্থিত আছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷

উল্লেখ্য যে, ম'হখুলিস্থিত নিৰ্মীয়মান নগাঁও মেডিকেল কলেজৰ আৰম্ভণিৰ পূৰ্বেই প্ৰথমে আৰম্ভ কৰা হৈছিল প্ৰসূতি বিভাগ । চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দিশে গতি কৰাৰ লগে লগে আন আন কক্ষবোৰ মুকলি কৰিবলৈ আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে (Nagaon Medical college ready for service)। শেহতীয়াকৈ স্বাস্থ্য বিভাগে ম'হখুলিস্থিত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ মুকলি কৰিছে (OPD in Nagaon Medical college)। 

অৱশ্যে আনুষ্ঠানিকভাৱে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ মুকলি কৰা নাই যদিও প্ৰাৰম্ভিকভাৱে মুকলি কৰি আগবঢ়োৱা হৈছে স্বাস্থ্য সেৱা ।ইতিমধ্যে নগাঁও মেডিকেল কলেজৰ বাবে অধ্যক্ষও নিয়োগ কৰা হৈছে । জ্যেষ্ঠ চিকিৎসক ডাঃ শিল্পীৰাণী বৰ্মনক নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । নগাঁও চিকিৎসা মহাবিদ্যালয় মুকলিৰ বাবে প্ৰায় সাজু হৈছে যদিও এতিয়া অপেক্ষা কৰিবলগীয়া হৈছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমতিৰ বাবে । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমতি লাভ কৰাৰ পিচতেই মুকলি কৰা হ'ব নগাঁও মেডিকেল কলেজ ।

লগতে পঢ়ক: Journalist Siddique Kappan: 27 মাহৰ কাৰাবন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ আহিল সাংবাদিক ছিদ্দিক কপ্পন

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.