CM Himanta Biswa Sarma: তিতাবৰৰ সমস্যাৰ সন্দৰ্ভত বৰ বেছি মোৰ আইডিয়া নাই: মুখ্যমন্ত্ৰী - কমলাবাৰী সত্ৰ
🎬 Watch Now: Feature Video
Published : Oct 12, 2023, 8:43 PM IST
যোৰহাট, 12 অক্টোবৰ: যোৰহাট জিলাৰ তিতাবৰস্থিত পুৰণা কমলাবাৰী সত্ৰত আজি উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বৃহস্পতিবাৰে সত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সত্ৰৰ মূল নামঘৰত সত্ৰাধিকাৰৰ ওচৰত সেৱা গ্ৰহণ কৰি সত্ৰৰ আপুৰুগীয়া সম্পদসমূহ পৰিদৰ্শন কৰে । ইয়াৰ পিচতেই সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱ গোস্বামীৰ উপস্থিতিত সত্ৰৰ বুঢ়াভকত সোণাৰাম শৰ্মাই আঁতধৰা মত বিনিময় অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী শৰ্মাই ৷
আনহাতে তিতাবৰৰ সমস্যাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেৱল নাজানো বা অৱগত নহয় বুলি উল্লেখ্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ তেওঁ কয়, ‘‘মই তিতাবৰৰ সমস্যাৰ সন্দৰ্ভত একেবাৰে অৱগত নহয় ৷ আজি সত্ৰ পৰিদৰ্শন কৰিবলৈ আহিছিলো ৷ সত্ৰৰ সমস্যাক কথা বুজ ললো ৷ আগন্তুক দিনত সত্ৰৰ সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব ৷ ডিচেম্বৰ বা জানুৱাৰীত আহিম তেতিয়া তিতাবৰৰ সমস্যাৰ কথা পাতিম ৷’’
কম্পিউটাৰ শিক্ষকে কৰা প্ৰতিবাদৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘ প্ৰতিবাদ কৰিবই ৷ সকলোকে দৰমহা বেছিকৈ লাগে ৷ সেইমতে চৰকাৰৰ জেপটোও চাব লাগিব ৷ চৰকাৰৰ জেপ ভাল হ’লে সকলোৰে লাহে লাহে ভাল কৰি গৈ থাকিম ৷’’
লগতে পঢ়ক:Firing Incident in Jorhat update: যোৰহাটৰ গুলীচালনাৰ ঘটনাত জড়িত এজনক আটক