Sports stadium in Baksa: বাক্সাৰ ক্ৰীড়া ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী শৰ্মাৰ - জিলা আয়ুক্ত কাৰ্যালয়
🎬 Watch Now: Feature Video
Published : Oct 5, 2023, 4:37 PM IST
বাক্সা, ৫ অক্টোবৰ : বাক্সা জিলাত নিৰ্মাণ হ’বলগীয়া ক্ৰীড়া ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিবলৈ বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ৪২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বাক্সাৰ বাথৌফুৰিস্থিত জিলা ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত নিৰ্মাণ কৰা হ'ব ক্ৰীড়া ষ্টেডিয়ামৰ সৈতে চুইমিং পুল । ইয়াৰোপৰি বাক্সা জিলাৰ জিলা আয়ুক্ত কাৰ্যালয় এটাৰ নামত ২৫ কোটি আৰু আৱৰ্ত ভৱনৰ নামত ৫ কোটি টকা খৰচ কৰিব অসম চৰকাৰে ৷
আজি শিলান্যাস কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, মাইক্ৰফাইনেঞ্চৰ ঋণী মহিলাসকলে অহা ১৩ অক্টোবৰত মুছলপুৰত NOC লাভ কৰিব । ২৫ হাজাৰ টকালৈকে ঋণ মাফ কৰা হ'ব ৷ ইয়াৰোপৰি কম সময়ৰ ভিতৰত শিক্ষক আৰু আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ভাষণ প্ৰসংগত কয় যে, আপোনালোকে গছপুলি ৰোপণ কৰিছে কিন্তু এতিয়া গছপুলি ডাঙৰ হোৱা ফটো হিতাধিকাৰী হ'বলৈ গাঠি দিব লাগিব । আজিকালি ৰেচন কাৰ্ড থকা মানুহে চাউলৰ উপৰি পাঁচ লাখ টকালৈকে মেডিকেলৰ সুবিধা পায় । গতিকে সকলোৱে ৰেচন কাৰ্ড বনাই লওঁক ।
বিটিআৰ চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমান আলোচনা চলি আছে। ক্ৰমান্বয়ে চুক্তিসমূহ কাৰ্যকৰী কৰিবলৈ গৈ আছে বুলি কয় ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও উপস্থিত থাকে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ।
লগতে পঢ়ক: B Barooah College : বি.বৰুৱা মহাবিদ্যালয়ত দৰ্শন বিভাগৰ উদ্যোগত আলোচনা চক্ৰ