আগন্তুক শিক্ষাবৰ্ষত সাজু হৈ উঠিব নিৰ্মীয়মান তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়, পৰিদৰ্শন কৰি আশ্বাস মুখ্যমন্ত্ৰীৰ - tinsukia medical college
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-12-2023/640-480-20165148-thumbnail-16x9-tin-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 2, 2023, 1:05 PM IST
তিনিচুকীয়া, ২ ডিচেম্বৰ: তিনিচুকীয়াৰ শুকানপুখুৰীস্থিত নিৰ্মীয়মান তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰাৰ লগতে কাম-কাজৰ বুজ লয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কয় যে এইপৰ্যন্ত মহাবিদ্যালয়খনৰ কাম-কাজ ৮০ শতাংশ শেষ হৈছে । মহাবিদ্যালয়খনৰ কাম-কাজৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়," এতিয়াও আমাৰ হাতত আৰু জুন মাহলৈ ৫ মাহ সময় বাকী আছে ৷"
সমান্তৰালভাৱে আগন্তুক শিক্ষা বৰ্ষৰ পৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ মুকলি কৰি দিব বুলি কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কালত সংগ দিয়ে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক তৰংগ গগৈ, বিধায়ক পোনাকণ বৰুৱা, বিধায়ক বলিন চেতিয়া, বিধায়ক ৰূপেশ গোৱালাকে আদি কৰি বিভাগীয় বিষয়াসকল ৷
লগতে পঢ়ক:বিৰোধী ঐক্য মঞ্চৰ নেতাই উচটনিমূলক কথা ক'ব পাৰে, ৰাইজক একো দিব নোৱাৰে : কামাখ্যা প্ৰসাদ তাছা
TAGGED:
tinsukia medical college