ৰাস চাই গুৱাহাটীলৈ উভতিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 11:41 AM IST

মাজুলী, 29 নৱেম্বৰ: দুদিনীয়া কাৰ্যসূচীৰে মাজুলীলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ কাৰ্যসূচী সামৰি বুধবাৰৰ পুৱাই গুৱাহাটীলৈ উভতি যায় । মংগলবাৰৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীক দক্ষিণ আৰু উত্তৰ দিশত সংযোগ কৰিবৰ বাবে নিৰ্মাণ কৰা যোৰহাট-মাজুলী সংযোগী দলং আৰু লখিমপুৰ-মাজুলী সংযোগী দুইখন দলঙৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে । 

নিশাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ কেইবাটাও ৰংগমঞ্চত ৰাস উপভোগ কৰে । আজি মাজুলীৰ পৰা উভতাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ বহু বানপীড়িত, গৰাখহনীয়াত নিজৰ মাটি-বাৰী হেৰুওৱা পৰিয়ালৰ লগতে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত পৰিয়ালৰ সৈতে ভাব বিনিময় কৰে । সহায় কৰিবৰ বাবে মনত ইচ্ছা থাকিলেও চৰকাৰী নীতি নিয়মৰ মাজত সকলোকে সহায় কৰিব পৰা নাযায় বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: ৰাস চাবলৈ মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.