thumbnail

Bishua Festival 2023: কোচ ৰাজবংশী নেতাৰ মাজত ঐক্য়ৰ অভাৱ; মুখ্যমন্ত্ৰী

By

Published : Apr 19, 2023, 9:06 PM IST

বঙাইগাঁও, ১৯ এপ্ৰিল: "কমতাপুৰ আমাক লাগে, কিন্তু কমতাপুৰৰ মাটি এতিয়া কাৰ হাতত ?" সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু কেন্দ্ৰীয় বিষুৱা উৎসৱ উদযাপন সমিতিৰ সহযোগত বঙাইগাঁৱত অনুষ্ঠিত কেন্দ্ৰীয় বিষুৱা উৎসৱৰ মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰশ্ন উত্থাপন কৰে (Bishua Festival of AKRSU)। মুখ্যমন্ত্ৰীগৰাকীয়ে কোচ ৰাজবংশী ছাত্ৰ সন্থাক আন্দোলনৰ পৰিৱৰ্তে শৈক্ষিক আন্দোলন, সাংস্কৃতিক আন্দোলনত গুৰুত্ব দিবলৈ আহ্বান জনায় । কোচ ৰাজবংশীসকল সংখ্যালঘুত পৰিণত হ'ব ধৰিছে ধৰিছে বুলি মন্তব্য় কৰি কয় যে, কোচ ৰাজবংশী সকলে নিজৰ ভূমি আমি বিক্ৰী নকৰাৰ সংকল্প ল'ব লাগিব ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয় যে, কোচ ৰাজবংশী নেতাসকলৰ মাজত ঐক্য়ৰ অভাৱ (CM Himanta Biswa Sarma at Bishua Festival)। সেয়েহে কোচ ৰাজবংশীসকল খণ্ড -বিখণ্ড হৈ গৈছে । তেওঁ কয় যে, আজিৰ কমতাপুৰত আমি সংখ্যা গৰিষ্ঠ নহয় । নামনি আৰু মধ্য অসমৰ বুৰঞ্জীয়ে হ'ল কেচ ৰাজবংশীৰ বুৰঞ্জী । কোচ ৰাজবংশীৰসকলৰ উপযুক্ত নেতৃত্বৰ প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ কয় যে, ভূমি অধিকাৰ ওপৰত কমতাপুৰৰ গুৰুত্ব থাকিব । কমতাপুৰ স্বায়ত্বশাসিত পৰিষদক চৰকাৰে গুৰুত্ব দিব । ইয়াক চৰকাৰে শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য় কৰে । কোচ ৰাজবংশীৰ জনজাতীকৰণত সমস্যা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, আন জনগোষ্ঠীক লৈ জনজাতিকৰণ আমাৰ বাবে সমস্যা হৈছে ।

ইপিনে, ছিণ্ডিকেট প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, যিসকলে ছিণ্ডিকেটৰ প্ৰতি নজৰ ৰাখে তেওঁলোকেহে ইয়াৰ খবৰ লাভ কৰে । তেওঁ এইবোৰৰ খবৰ নাৰাখে বুলি কয় মুখ্য়মন্ত্ৰীগৰাকীয়ে । তদুপৰি তেওঁ গো হত্য়া প্ৰসংগত কয় যে, গো মাংস দেখিলে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব । তেওঁ কয় যে, গিনিজ ৰেকৰ্ডৰে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পিচত আমাৰ চিন্তা চৰ্চাৰ মান ওপৰলৈ গ'ল ।  

ইপিনে, জীৱন সিংহৰ সৈতে আলোচনা সন্দৰ্ভত তেওঁ কয় যে, ৰাজ্য চৰকাৰৰ হাতত এই বিষয়ে কোনো খবৰ নাই (CM Himanta Biswa Sarma on KLO )। কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা চলি থকাৰ বিষয়ে অৱগত নহয় বুলি তেওঁ মন্তব্য় কৰে । আনহাতে, অংকিতা দত্ত প্ৰসংগত মুখ্য়মন্ত্ৰীগৰাকীয়ে কয়," তেওঁ অভিযোগ ৰাহুল গান্ধীক দিছে, মোক দিয়া নাই । মোক দিলে মই নিশ্চয় চাম (Himanta Biswa Sarma comment on Ankita Dutta)।" কৰ্ণাটক বিধানসভা নিৰ্বাচনত দুখনমান সভাত তেওঁ অংশগ্ৰহণ কৰিব বুলি কয় । চৰকাৰৰ বৰ্ষপূৰ্তিত চাকৰি দিব বুলিও তেওঁ মন্তব্য় কৰে ।

লগতে পঢ়ক:Rail Accident In Shahdol: মধ্যপ্ৰদেশত দুখন মালবাহী ৰে'লৰ সংঘৰ্ষ; এজন ৰে’ল চালক নিহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.