দৰা-কইনাক এৰি সকলো ব্যস্ত হৈ পৰিল মামাৰ সৈতে ছেল্ফি উঠাত - CM HBS arrives in Dibrugarh
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-12-2023/640-480-20293961-thumbnail-16x9-dib--news.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 18, 2023, 10:49 AM IST
ডিব্ৰুগড়, 18 ডিচেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যি প্ৰান্তলৈ যায় তাতে মুখ্যমন্ত্ৰীৰ সৈতে ছেল্ফি ল’বলৈ হেতা-ওপৰা লাগি থাকে কণ কণ শিশুৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ ব্যক্তিৰ ৷ তাতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী যুৱ প্ৰজন্মৰ মাজত মামা হিচাপে পৰিচিত ৷ সেয়ে মামাৰ সৈতে ছেল্ফি ল’বলৈ হেতা-ওপৰা লাগি থাকে সকলোৰে ৷
মামাৰ জনপ্ৰিয়তা যে কোনোগুণে কমা নাই তাৰ আকৌ এবাৰ প্ৰমাণ পোৱা গ’ল এখন বিয়াৰ অভ্যৰ্থনাস্থলীত ৷
দেওবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া ডিব্ৰুগড়ৰ এইচ এম ৰিজৰ্টত অনুষ্ঠিত বিধায়ক প্ৰশান্ত ফুকনৰ পুত্ৰৰ বিবাহস্থলীত উপস্থিত হ’ল তেতিয়াই মুখ্যমন্ত্ৰীৰ সৈতে ছেল্ফি উঠিবলৈ ভিৰ কৰিলে ৰাইজে ৷ ইফালে বিবাহস্থলীত উপস্থিত হৈ দৰা কইনাক আৰ্শীবাদ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰীৰ লগতে বিধায়ক ফুকনৰ পুত্ৰৰ বিবাহস্থলীত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত হয় ৷
লগতে পঢ়ক : জয়ন্ত দাসৰ মৃত্যুত দুখ প্ৰকাশ অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ