TMPK Golden Jubilee: দেওবাৰে সামৰণি পৰিব টি এম পি কেৰ সোণালী জয়ন্তীৰ

🎬 Watch Now: Feature Video

thumbnail

জোনাই, ৪ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰৰ পৰা ধেমাজি জিলাৰ গোগামুখ নাহৰবাৰীৰ চুমনি পথাৰত অনুষ্ঠিত সদৌ মিছিং ছাত্ৰ সন্থাৰ(TMPK)সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰু অষ্টম মিছিং যুৱ মহোৎসৱৰ দেওবাৰে অন্ত পৰিব (Closing Ceremony of TMPK Golden Jubilee Year) ৷ এই উপলক্ষে আজি মুকলি সভাৰ আয়োজন কৰা হৈছে ।

সদৌ মিছিং ছাত্ৰ সন্থাৰ (TMPK)সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটোত ৰাজ্য়ৰ বিভিন্ন প্ৰন্তৰ পৰা অহা কেইবা সহস্ৰাধিক প্ৰতিনিধিৰ উপস্থিতিত দুদিন ধৰি চুমনি পথাৰত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰাৰ পিছত আজি অন্তিম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে (TMPK Golden Jubilee at Sumni Field in Dhemaji)। বাঁহ-বেতৰ বিভিন্ন কাৰুকাৰ্য খচিত মিচিং, আদী আৰু গাল’ সম্প্ৰদায়ৰ চাংঘৰ, মিচিং মৃৰং ঘৰ বিশাল মূল মঞ্চ, মূল মণ্ডপে দৃষ্টি আকৰ্ষণ কৰা এই অধিবেশনৰ মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, বিজ্ঞানী চনাম ৱাংচু, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব (Union Minister Kiren Rijiju) । তদুপৰি  মুকলি সভাত বিভিন্ন দল -সংগঠনৰ নেতৃত্ববৃন্দই অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে সদৰি কৰিছে ।

উল্লেখ্য় যে শুকুৰবাৰে আছিল সদৌ মিছিং ছাত্ৰ সন্থাৰৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান তথা অষ্টম মিছিং যুৱ মহোৎসৱৰ দ্বিতীয় দিন(8th Missing Youth Festival)। এই উপলক্ষে আয়োজিত কাৰ্যসূচী অনুসৰি সদৌ মিছিং ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি ৰাজকুমাৰ মৰাঙে (8th Missing Youth Festival at Gogamukh) ৷ তেওঁ ভাষণ প্ৰসংগত মিছিং লোকসকলৰ উন্নয়নৰ লগতে নৱ প্ৰজন্মক জাতিটোক আগুৱাই নিবলৈ আহ্বান জনায় । মিচিং জাতিৰ উন্নয়নৰ স্বাৰ্থত দুই সংগঠনৰ ভূমিকা উল্লেখনীয় বুলি তেওঁ কয় । আনহাতে, যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে মিচিং যুৱ মহোৎসৱৰ সভাপতি একলব্য গামে ৷ ইয়াৰ পূৰ্বে তেওঁ এন চি চি কেডাৰ আৰু টি এম পি কেৰ শতাধিক কেডাৰৰ অভিবাদন গ্ৰহণ কৰে ।

লগতে পঢ়ক:Operation against Child marriage: জিলাই জিলাই বাল্যবিবাহৰ বিৰুদ্ধে অভিযান; আৰক্ষীৰ জালত দুই সহস্ৰাধিক

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.