Mangaldoi Sports Association : মঙলদৈ ক্ৰীড়া সন্থাৰ ভিতৰ চ’ৰাত খোৱা কামোৰা লগাৰ অভিযোগ
🎬 Watch Now: Feature Video
মঙলদৈ, 11 জুন : মঙলদৈ ক্ৰীড়া সন্থাৰ অদ্ভুতকাণ্ড (Mangaldoi Sports Association)৷ মুখ্যমন্ত্ৰীৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাৰ স্থায়ী প্ৰমাণ পত্ৰ বিচাৰি মঙলদৈ ক্ৰীড়া সন্থাৰ উপ সভাপতি প্ৰদীপ তালুকদাৰৰ ঘৰৰ বেৰত এখন জাননী আঁৰি দিলে মঙলদৈ ক্ৰীড়া সন্থাই ৷ লগতে সকলো নথি-পত্ৰ জমা দিয়াৰ নিৰ্দেশ দিয়ে মঙলদৈ ক্ৰীড়া সন্থাই ৷ অন্যথা মঙলদৈ ক্ৰীড়া সন্থাৰ সাধাৰণ সভাত মঙলদৈ ক্ৰীড়া সন্থাৰ উপ সভাপতি প্ৰদীপ তালুকদাৰে প্ৰৱেশ কৰিব নোৱাৰিব বুলি জাননীখনত উল্লেখ কৰে ৷
মঙলদৈ ক্ৰীড়া সন্থাৰ এই কৰ্মকাণ্ডক লৈ ক্ষুব্ধ হৈ পৰিছে মঙলদৈ ক্ৰীড়া সন্থাৰ উপ সভাপতি প্ৰদীপ তালুকদাৰ আৰু তেওঁৰ পত্নী প্ৰেমলতা তালুকদাৰ ৷ ক্ৰীড়া সন্থাৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে শীঘ্ৰে আৰক্ষীৰ কাষ চাপিব বুলি উল্লেখ কৰে ঘৰৰ স্বত্বাধিকাৰী প্ৰেমলতা তালুকদাৰে ৷
উল্লেখ্য যে, আজি অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হৈছে মঙলদৈ ক্ৰীড়া সন্থাৰ নিৰ্বাচন (Election of Mangaldoi Sports Association) ৷ মঙলদৈ ক্ৰীড়া সন্থাৰ সভাপতি, সম্পাদক পদ লৈ এতিয়া খোৱা-কামোৰা আৰম্ভ হৈ গৈছে ৷ বৰ্তমানৰ সভাপতি গুৰুজ্যোতি দাস, সম্পাদক অনুপম ডেকাই চাৰি বছৰীয়া কাৰ্যকাল ছয় বছৰ দখল কৰাৰ পিচত আকৌ দখল কৰাৰ এক অভিসন্ধি স্পষ্টকৈ ধৰা পৰিছে কৰ্ম-কাণ্ডত ৷
আনকি ক্ৰীড়া সন্থাৰ সংবিধানখন অবৈধভাৱে সংশোধন কৰা বুলিও অভিযোগ কৰিছে খোদ ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলে ৷ যিহেতু মঙলদৈ ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি তথা মুখ্যমন্ত্ৰীৰ ভাতৃ সুশান্তবিশ্ব শৰ্মাক মঙলদৈ ক্ৰীড়া প্ৰেমীয়ে আকৌ সভাপতি বিচৰাত হাহাকাৰ লাগিছে বৰ্তমানৰ কমিটিখনত ৷ কেনেকৈ বাধা দিব পাৰি তাৰে এক পৰিকল্পনাত ব্যস্ত বৰ্তমান কমিটিখন ৷ এই অভিযোগ উত্থাপন কৰিছে একাংশ মঙলদৈবাসী ৰাইজে ৷
লগতে পঢ়ক : Preserve bamboo dress : লখিমপুৰৰ ৰামধন শইকীয়াই সংৰক্ষিত কৰি ৰাখিছে আজুককা দিনৰ বাঁহৰ পুৰণি সাজ-পোচাক