Exam Paper Leaked: প্ৰশ্নকাকত ফাদিল; নৱম শ্ৰেণীৰ অসমীয়া আৰু সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল

By

Published : Feb 21, 2023, 10:32 PM IST

thumbnail

তেজপুৰ, 21 ফেব্ৰুৱাৰী: এইবাৰ শোণিতপুৰত ফাদিল হ’ল হাইস্কুলৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ৷ পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া ৷ উল্লেখ্য যে, শোণিতপুৰ জিলাত মঙলবাৰে আছিল হাইস্কুলৰ নৱম শ্ৰেণীৰ গণিত বিষয়ৰ পৰীক্ষা (Exam paper leaked in Sonitpur) ৷  

পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাচত এতিয়া বিপাঙত পৰিছে শোণিতপুৰ জিলাৰ শিক্ষা বিষয়া ৷ ছেবাৰ নিৰ্দেশনা অনুসৰি জিলা আভ্যন্তৰীণ পৰীক্ষা পৰিষদৰ দ্বাৰা প্ৰশ্নকাকত প্ৰস্তুত কৰা হয় আৰু পৰীক্ষা অনুষ্ঠি কৰা হয় ৷ কিন্তু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে প্ৰশ্নকাকতখন (Class 9 question paper leaked) ৷

এই ঘটনা পোহৰলৈ অহাৰ পাচতেই তৎপৰ হৈ পৰে শিক্ষা বিভাগৰ বিষয়া আৰু শোণিতপুৰ প্ৰশাসন ৷ ইতিমধ্যেই এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে জিলা প্ৰশাসনে ৷ ইফালে, প্ৰশ্নকাকত ফাদিল হোৱাৰ পাচতেই মঙলবাৰে বিয়লি এক নিৰ্দেশনা যোগে শিক্ষা বিভাগে নৱম শ্ৰেণীৰ পৰীক্ষা দুদিনৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে ৷ ফলত বাতিল হয় অনুষ্ঠিত হ’ব লগীয়া সাধাৰণ বিজ্ঞান আৰু অসমীয়া বিষয়ৰ পৰীক্ষা (Question paper leaked in Sonitpur) ৷  

অৱশ্যে শোণিতপুৰ জিলাৰ কোনখন বিদ্যালয়ত এই প্ৰশ্নকাকত ফাদিল হৈছে সেয়া তদন্তৰ পাচতহে পোহৰলৈ আহিব বুলি সদৰী কৰিছে শিক্ষা বিভাগৰ অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰাই ৷ উল্লেখ কৰা প্ৰয়োজন যে, বুধবাৰে আছিল অসমীয়া বিষয়ৰ পৰীক্ষা আৰু 24 ফেব্ৰুৱাৰীত আছিল বিজ্ঞান বিষয়ৰ পৰীক্ষা ৷ এই প্ৰশ্নকাকত ফাদিল ঘটনাৰে শিক্ষা বিভাগৰ লোক নে আন কোনো দুষ্ট চক্ৰ জড়িত আছে সেয়া তদন্তৰ পাচতহে পোহৰলৈ আহিব ৷ 

স্মৰ্তব্য যে, কিছুদিন পূৰ্বে ডিফুতো সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ ফাদিল হৈছিল নৱম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ৷ এই ঘটনাৰে জড়িত থকাৰ সন্দেহত ডিফু আৰক্ষীয়ে প্ৰশ্নকাকত ছপা কৰা প্ৰেছৰ গৰাকীৰ লগতে আন দুজনক সোধা-পোচা কৰিছিল ৷ কিন্তু পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱা এনেবোৰ ঘটনাৰ বাবে শিক্ষা বিভাগক প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে ৷ 

লগতে পঢ়ক: Exam Paper Leaked: কাৰ্বি আংলঙত নৱম শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিল; প্ৰশ্নকাকত ছপোৱা প্ৰেছৰ গৰাকীক তলব আৰক্ষীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.