Namrup BVFCL : নামৰূপ সাৰকাৰখানাৰ ৰক্ষাৰ দাবীত ট্ৰেড ইউনিয়নৰ প্ৰতিবাদ - CITU Protest in Namrup
🎬 Watch Now: Feature Video
নাহৰকটীয়া, ৩১ জুলাই : নামৰূপ সাৰকাৰখানা ৰক্ষাৰ দাবীত ক্ৰমাত বৃদ্ধি পাইছে প্ৰতিবাদ ৷ বিগত মাহৰ দহটা দিন সাৰকাৰখানাৰ প্ৰৱেশদ্বাৰত বিভিন্ন জাতীয় দল-সংগঠন তথা বিৰোধী ৰাজনৈতিক দল সমূহে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি দিছপুৰ লাষ্টগেট সদৃশ পৰিৱেশ সৃষ্টি কৰিছে ৷
সোমবাৰেও ট্ৰেড ইউনিয়নৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত সাৰকাৰখানাৰ প্ৰৱেশদ্বাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদত উপস্থিত হৈ সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে ৷ লগতে সাৰকাৰখানাৰ আধুনিকীকৰণৰ পৰিৱৰ্তে চতুৰ্থ গোট স্থাপনৰ বাবে দাবী জনায় ৷
উল্লেখ্য যে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ট্ৰেড ইউনিয়নে সাৰকাৰখানাৰ ৰক্ষাৰ স্বাৰ্থত দল-মত-আদৰ্শ নিৰ্বিশেষে এক শক্তিশালী আন্দোলনৰ পোষকতা কৰে ৷
লগতে পঢ়ক : Green Revolution in Teok: কমাৰ খাটোৱালত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেউজ বিপ্লৱৰ শুভাৰম্ভ