Two years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত বিশ্বনাথবাসী ৰাইজৰ মতামত - দুবছৰীয়া বৰ্ষপূৰ্তিত বিশ্বনাথবাসী ৰাইজৰ মতামত
🎬 Watch Now: Feature Video
বিশ্বনাথ, 10 মে’: আজি সম্পূৰ্ণ হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুটা বছৰ ৷ বিভিন্ন কাৰ্যসূচীৰে অতি ব্যয়বহুলভাৱে আয়োজন কৰা হৈছে শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান (Two years of Himanta Biswa govt) ৷ এই দুবছৰীয়া বৰ্ষপূৰ্তিত চৰকাৰখনৰ সফলতা-বিফলতাক লৈ বিভিন্নজনে প্ৰকাশ কৰিছে বিভিন্ন প্ৰতিক্ৰিয়া ৷
ইফালে কংগ্ৰেছক পৰাস্ত কৰি ৰাজ্যৰ শাসনভাৰ বিজেপিয়ে নিজৰ হাতলৈ নিয়াৰ লগতে অসমত এই পৰ্যন্ত মুঠ ৭ বছৰ শাসন কৰিছে (Opinion on Himanta government)। এই ৭ বছৰত দলটোৱে অসমত নিজৰ স্থিতি পূৰ্বৰ তুলনাত অধিক শক্তিশালী কৰাৰ লগতে দলটোৱে নিজৰ বাবে বহু কিবাকিবি কৰাও দেখা গ'ল ৷ ৰাজ্যৰ জিলাই জিলাই বিজেপি কাৰ্যালয় নিৰ্মাণ ৰাজ্যিক বিজেপি কাৰ্যালয় নিৰ্মাণ লগতে অবৈধ অৰুণাচলী সুৰা বিৰুদ্ধে, চোৰাং চিকাৰী বিৰুদ্ধে লগতে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গ'ল এই চৰকাৰখনে (Himanta govt completed two years) ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুটা বছৰ সম্পূৰ্ণ হ'ল কালত কি কি পালে, অসমবাসীয়ে কিমান দুৰ্নীতিমুক্ত হ'ল, অসম ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰিলেনে এই সন্দৰ্ভত বিশ্বনাথবাসীয়ে কি কয় (Citizen opinion in Biswanath)? এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন ।
লগতে পঢ়ক: 2 years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত যোৰহাটবাসী ৰাইজৰ মতামত