HSLC question paper leak : বহু তথ্য সংগ্ৰহ কৰি মাজুলীৰ পৰা ওভতিল CID ৰ দল - প্ৰশ্নকাকতৰ নমুনা সংগ্ৰহ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18025595-thumbnail-4x3-majuli.jpg)
মাজুলী, 18 মাৰ্চ : প্ৰশ্নকাকত ফাদিল সম্পৰ্কত অনুসন্ধানৰ বাবে শনিবাৰে দিনৰ ভাগতে লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় CID ৰ এটা দল (CID search operation at Lohit Khaboli High School)। কিয়নো লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱ দত্তই ফাদিল কৰিছিল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত (HSLC question paper leak) ।
লোহিত খাৱলী হাইস্কুল পৰীক্ষা কেন্দ্ৰত CID য়ে তালাচী চলোৱাৰ পাচতে কাম্বোং গাঁৱৰ অৱৰাম পেগুৰ ঘৰত তালাচী চলাইছিল অনুসন্ধানকাৰী দলটোৱে । কাম্বোং গাঁৱৰ অৱৰাম পেগুৰ ঘৰত প্ৰথমতে আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিলৰ মাষ্টৰ মাইণ্ড প্ৰণৱ দত্তকলৈ চলাইছিল তালাচী ।
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, কাম্বোং গাঁৱৰ এই অৱৰাম পেগুৰ ঘৰতে প্ৰণৱ দত্তই বিজ্ঞান আৰু অসমীয়াৰ প্ৰশ্নকাকত জ্বলাই দিছিল ৷ ইতিমধ্যে অনুসন্ধানকাৰী দলটোৱে জ্বলাই দিয়া প্ৰশ্নকাকতৰ নমুনা সংগ্ৰহ কৰিছে ৷ অৱশ্যে তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ আগত বিশেষ মন্তব্য দিয়াৰ পৰা বিৰত আছে তদন্তকাৰী বিষয়া ৷
লগতে পঢ়ক : HSLC question paper leak: লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ত CIDৰ অভিযান