Junmani Rabha accident: নিজকে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক নগাঁৱত জেৰা চি আই ডিৰ - Junmani Rabha accident in Nagaon
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18538897-thumbnail-16x9-exlusive.jpg)
নগাঁও, 18 মে’: নিজকে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক নগাঁৱত জেৰা চি আই ডিৰ ৷ নগাঁও আৰক্ষীৰ গেষ্ট হাউচত হাজিৰ কৰোৱা হয় নিজকে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক । নগাঁও আৰক্ষীৰ গেষ্ট হাউচত চি আই ডিয়ে ভাষ্য গ্ৰহণ কৰিব প্ৰত্যক্ষদৰ্শী যুৱকজনৰ । গুৱাহাটীৰ পৰা যুৱকজনক লৈ অনা হৈছে নগাঁৱলৈ । এটা ব্যক্তিগত চেনেলত সাক্ষাৎকাৰ দি থকাৰ পৰাই আটক কৰা হয় যুৱকজনক (Eyewitness of Junmani Rabha accident) ৷
ইতিমধ্যে জোনমণি ৰাভাৰ মৃত্যুৰ সমগ্ৰ ঘটনাটো ৰহস্যঘন হৈ পৰিছে ৷ নগাঁৱত চি আই ডিয়ে ভাষ্য গ্ৰহণ কৰিছে আৰক্ষী বিষয়া আভাজ্যোতি ৰাভা, মনোজ ৰাজবংশীৰ লগতে মৰিকলং আৰক্ষী চকীৰ কেইবাগৰাকীও কনিষ্টবলৰ ৷ এই ঘটনা সন্দৰ্ভত অধিক আৰক্ষী বিষয়াৰ ভাষ্য গ্ৰহণৰ সম্ভাৱনা আছে (Junmoni Rabha death case) ৷ এই সন্দৰ্ভত নগাঁৱৰ পৰা এক্সক্লুছিভ প্ৰতিবেদন...
লগতে পঢ়ক: SI Junmoni Rabha: জোনমণি ৰাভাৰ মৃত্যুৱে কিয় সন্দেহ সৃষ্টি কৰিছে অসম আৰক্ষীৰ প্ৰতি ?