thumbnail

CID investigation: নিশা পৰ্যন্ত CID ৰ জেৰা প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক

By

Published : May 20, 2023, 10:05 PM IST

নগাঁও, 20 মে’: নগাঁৱৰ আৰক্ষীৰ অতিথিশালত নিশা পৰ্যন্ত মাৰথন জেৰা SI জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ নিশা চাক্ষুষ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক (CID investigation in Nagaon) ৷  অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ নগাঁৱত উপস্থিত হোৱা চি আই ডিৰ দলে শনিবাৰে পৃথকে পৃথকে কেইবাজনো আৰক্ষীৰ লগতে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক জেৰা চলাই আছে (CID investigation on Pranab Das) ৷ চালক তথা প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসে চলোৱা বুলি দাবী কৰা মেজিক বাহনখনৰ গৰাকীকো মুখামখিকৈ জেৰা চলাইছিল চি আই ডিৰ দলে ৷ যোৱা 15 মে’ৰ নিশা প্ৰণৱ দাসে বাহনখন চলোৱা নাছিল বুলি কৈ মিছা মাতিছে বুলি গৰাকী মণি বৰা আৰু মমী বৰাই কোৱাৰ পিচতে যাবলৈ দিয়ে দুয়োকে ৷  

ইতিমধ্যে CCTV ফুটেজত মণি বৰাৰ বাহনখনৰ লগতে মণি বৰাৰ দৃশ্য যোগান ধৰিছে শিল বিক্ৰী কৰা প্ৰতিষ্ঠানটোৱে ৷ ইয়াৰ পিচতে এতিয়া প্ৰণৱ দাসৰ স্থিতিক লৈ অধিক সন্দেহ ঘনীভূত হৈছে ৷  প্ৰণৱ দাসে সাক্ষ্য দি বৰ্ণনা কৰা কাহিনী মনেসজা নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷ 

লগতে পঢ়ক: Junmoni Rabha death case: প্ৰণৱ দাসে মিছা মাতিছে নেকি ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.