বিটিআৰৰ খেলুৱৈৰ উত্তৰণৰ বাবে বিটিচি প্ৰশাসনে গ্ৰহণ কৰিছে পদক্ষেপ: প্ৰমোদ বড়ো

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 2:27 PM IST

thumbnail

চিৰাং, 14 জানুৱাৰী: দেওবাৰে চিৰাঙৰ বাঙ্গালডোবা বডোছা নৌগৌৰত 25 সংখ্যক জৌহৌলাও সৌমব্লা বসুমতাৰী আসাম ক্লাৱ ফুটবল চেম্পিয়নশ্বিপৰ চূড়ান্ত খেল অনুষ্ঠিত হয় । আজিৰ এই চূড়ান্ত খেলত কোকৰাঝাৰ জিলাৰ বাৰহুংখা এথলেটিক ক্লাৱে শিৱসাগৰ জিলাৰ হালুৱাটিং ইউনাইটেড ফুটবল ক্লাবক 2-1 গ'লত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে । আজিৰ এই চূড়ান্ত খেলত উপস্থিত থাকি খেলৰ শুভাৰম্ভ কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে । 

বিটিআৰ এলেকাৰ ফুটবল খেলুৱৈসকলক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত বিটিচি প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে বুলি সদৰী কৰে প্ৰমোদ বড়োৱে । আজি বিটিচি প্ৰধান প্ৰমোদ বড়োই জৌহৌলাও সৌমব্লা বসুমতাৰী আসাম ক্লাৱ ফুটবল চেম্পিয়নশ্বিপ পৰিচালনা সমিতিক ১৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে । যোৱা 3 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই ফুটবল চেম্পিয়নশ্বিপত অসমৰ মুঠ 37 টা ফুটবল ক্লাবে অংশগ্ৰহণ কৰিছিল । 

দেওবাৰৰ এই চূড়ান্ত খেলৰ উদ্বোধনী খেলত ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিধায়ক জয়ন্ত বসুমতাৰী, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ড৹ ছাংগ্ৰাং ব্ৰহ্ম, এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীকে আদি কৰি বহু লোক উপস্থিত থাকে ।

লগতে পঢ়ক: চিৰাঙত টকা নিদিয়াৰ বাবেই চৰকাৰী ঘৰৰ পৰা বঞ্চিতৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.