Children’s Day 2023: উজনি মাজুলী শিল্পকলা বিদ্যালয়ত শিশু দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 9:37 AM IST

thumbnail

মাজুলী, 14 নৱেম্বৰ: আজি দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ ওপজা দিন । দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৰ জন্মদিনটো দেশখনত পালন কৰা হৈ আহিছে শিশু দিৱস হিচাপে । দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে উজনি মাজুলী শিল্পকলা বিদ্যালয়তো উদযাপন কৰা হৈছে শিশু দিৱস । 

শিশু দিৱসৰ লগত সংগতি ৰাখি মাজুলীৰ উজনি মাজুলী শিল্পকলা বিদ্যালয়ৰ উদ্যোগত আৰু অভিভাৱকসকলৰ সহযোগত শিশু দিৱসৰ আয়োজন কৰা হৈছে । প্ৰাকৃতিক পৰিৱেশৰ মাজত "নৈ পৰীয়া লেণ্ডস্কেপ " শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে উদ্যোক্তাসকলে ৷ নদীৰ পাৰত যি সমূহ প্ৰাকৃতিক সম্পদ আছে সেই সম্পদসমূহ শিক্ষাৰ্থীসকলে যাতে ৰং-তুলিকাৰে ধৰি ৰাখিব পাৰে সেই উদ্দেশ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ 

এনে এক ব্যতিক্ৰমী পৰিৱেশত, ব্যতিক্ৰমী ৰূপত "শিশু দিৱস" টি উদযাপন কৰিবলৈ পাই সুখী উজনি মাজুলী শিল্পকলা বিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল যথেষ্ট সুখী অনুভৱ কৰিছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Media boycott decision by opposition: ’অসমত শাসক পক্ষৰ হৈ ওকালতি কৰা সাংবাদিক যথেষ্ট কম’, সাংসদ অজিত কুমাৰ ভূঞা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.