Childrens Day 2023: টীয়কৰ সৰ্বোদয় প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন

🎬 Watch Now: Feature Video

thumbnail

টীয়ক,১৪ নৱেম্বৰ: স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনটো সমগ্র দেশে শিশু দিৱস হিচাপে উদযাপন কৰি আহিছে । সমগ্ৰ দেশৰ লগতে টীয়ক কাকজানৰ সৰ্বোদয় প্ৰাথমিক বিদ্যালয়তো শিশুসকলৰ সামাজিক, সাংস্কৃতিক,বৌদ্ধিক বিকাশৰ বাবে বিভিন্ন কাৰ্যসূচীৰে দিনজোৰাকৈ এই দিৱসটি উদযাপন কৰা হয় ।

বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পল্লবী শইকীয়াকে প্ৰমুখ্য কৰি বিশেষভাৱে জীৱন যুঁজত হাৰ নামানি পুনৰ ন-উদ্যমেৰে বিদ্যালয়ৰ সহ-শিক্ষক পুলিন বৰদলৈয়ে শিশুসকলক সকলো দিশতে সমানে আগবঢ়াই নিবলৈ যথেষ্ট চেষ্টা চলাই অনুষ্ঠিত কৰে এই কাৰ্যসূচী । দিনজোৰা অনুষ্ঠানৰ অন্যতম কাৰ্যসূচী হিচাপে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত শিশুসকলক লৈ বিদ্যালয়খনে প্ৰস্তুত কৰা হাতে লিখা আলোচনী কাঁচিয়লি উন্মোচন কৰে পূব যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ৰাম প্ৰসাদ ফুকনে ।  

ইপিনে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা, কবিতা, চিত্ৰাংকন প্ৰতিযোগিতাত অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ শিশুসকলক লৈ অসমীয়া কৃষ্টি-সংস্কৃতিৰ সমাহাৰে এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে ।  

লগতে পঢ়ক: Childrens Day 2023: হিয়া আৰ্ট এণ্ড ডাঞ্চ একাডেমীত শিশু দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.