Children Torture Father in Baksa : বাক্সাৰ ভোগপুৰৰ বৃদ্ধ পিতৃক সন্তানে এৰি থৈ আহিল ৰাষ্ট্ৰীয় ঘাইপথত - বৃদ্ধ পিতৃক সন্তানে এৰি থৈ আহিল ৰাষ্ট্ৰীয় ঘাইপথত
🎬 Watch Now: Feature Video
ৰঙিয়া, 21 ফেব্ৰুৱাৰী : আধুনিক সমাজ জীৱনত ক্ৰমাৎ অৱক্ষয় ঘটিছে মানৱীয় প্ৰমুল্যবোধৰ ৷ ভোগবাদী জীৱন যাত্ৰাত মত্ত হৈ পৰা মানৱে আজি যেন পাহৰি পেলাবলৈ ধৰিছে পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ থকা নিম্নতম কৰণীয়খিনি পৰ্যন্ত ৷ ৰাজ্যত প্ৰতিদিনেই আজিকালি সুলভ হৈ পৰিছে বৃদ্ধাশ্ৰম অথবা বৃদ্ধ পিতৃ-মাতৃক পথত এৰি থৈ অহাৰ ঘটনা ৷ শেহতীয়াকৈ পুনৰ তেনে এক কৰুণ ঘটনা সংঘটিত হৈছে ৰাজ্যখনত ৷ বাক্সাৰ ভোগপুৰৰ এগৰাকী বৃদ্ধ পিতৃক ঘৰৰ পৰা বাহিৰ কৰি দিলে সন্তানে (Children Thrown out father) ৷ পাঁচটাকৈ সন্তানৰ পিতৃগৰাকীক বৃদ্ধকালত কণাৰ লাখুটি হ’ব পৰাকৈ তথা আশ্ৰয় দিব পৰাকৈ কোনো এটি সন্তানো বৰ্তমান কাষত নাই ৷
দুৰ্ভগীয়া পিতৃজন বাক্সাৰ ভোগপুৰৰ অভিৰাম চাচনি ৷ তিনিগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যাৰ পিতৃগৰাকীক ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত পেলায় থৈ গ’ল তেওঁৰ নিষ্ঠুৰ সন্তানে । দুৰ্ভগীয়া লোকজনৰ নিৰাশ্ৰয়ী অৱস্থা প্ৰত্যক্ষ কৰি অৱশেষত স্থানীয় একাংশ মানৱ দৰদী লোকে লোকজনক পানীৰ লগতে চাহ-বিস্কুট খাবলৈ দিয়ে ৷
বৃদ্ধ পিতৃৰ অভিযোগ বৃদ্ধ হোৱাৰ বাবেই দ্বিতীয় পুত্ৰ দ্বিপন চাচনিয়ে ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ লগতে বুদ্ধিৰে তেওঁক পথৰ দাঁতিত পেলাই থৈ গ'ল বুলি । ৰঙিয়া আৰক্ষীয়ে ইতিমধ্যে বৃদ্ধ পিতৃ জনক উদ্ধাৰ কৰি ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে বুলি স্থানীয় সূত্ৰে জানিবলৈ পৰা গৈছে (Sub divisional Civil Hospital Rangia) । সন্তান এটাক দুবেলা-দুমুঠি খুটি খাব পৰাকৈ তথা সমাজৰ এজন সুযোগ্য ব্যক্তি হিচাপে গঢ় দিয়াত অভিভাৱকৰ ভূমিকা অনস্বীকাৰ্য ৷ আত্ম প্ৰতিষ্ঠা লভাৰ পিছত ব্যক্তিগত সুখ-স্বচ্ছন্দ্যৰ স্বাৰ্থত একাংশ সন্তানৰ অভিভাৱকৰ প্ৰতি গঢ়ি উঠা এনে মানসিকতা সমাজৰ বাবে নিশ্চয়কৈ এক চিন্তনীয় বিষয় ৷
পাঁচটাকৈ উপযুক্ত , কাৰ্যক্ষম সন্তান থকাৰ পিছতো পদপথৰ দাঁতিত বৃদ্ধ পিতৃয়ে আশ্ৰয় ল’বলগীয়া হোৱা বিষয়টোৱে ব্যথিত কৰি তুলিছে বহু সচেতন লোকৰ মন ৷ তদুপৰি আধুনিক ভোগত মত্ত সমাজ খন ক্ৰমাৎ কোনফালে ধাৱমান হৈছে বুলিও সচেতন জনৰ মনত প্ৰশ্ন উত্থাপন হৈছে ৷
TAGGED:
Children Thrown out father