মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ নাৰায়ণপুৰৰ দুই কণমানিৰ কাতৰ আহ্বান - অভিলাসী আঁচনি
🎬 Watch Now: Feature Video

‘‘হিমন্ত মামা, আমাৰ দেউতা ঢুকুৱা আজি 8 দিন হ’ল । মামা আমাৰ থাকিবলৈ ভাল ঘৰ এটাও নাই । আমাৰ পঢ়াশুনা কৰিবলৈয়ো বৰ অসুবিধা । আমাক এটা ঘৰ বনাই দিয়ক মামা’’ ৷ এই মন্তব্য নাৰায়ণপুৰৰ ভোলাবৰী গাঁও পঞ্চায়ত এলেকাৰ শংকৰপুৰ গাঁৱৰ 8 দিন পূৰ্বে পিতৃহাৰা এগৰাকী কণমানিৰ (Children of Narayanpur appeal to Assam CM for help) ৷ কণমানিটিৰ পিতৃৰ নাম আছিল নন্দেশ্বৰ হাজৰিকা ৷ দিন হাজিৰা কৰা নন্দেশ্বৰ হাজৰিকাৰ মৃত্যুৰ পাচত এতিয়া ঘোৰ অমানিশা নামি আহিছে পৰিয়ালটোলৈ ৷ এটা জৰাজীৰ্ণ ভগ্নপ্ৰায় গৃহত দুটি কণমানি সন্তানক বুকুত সাবটি এতিয়া বাকৰুদ্ধ হৈ পৰিছে নন্দেশ্বৰ হাজৰিকাৰ পত্নী মাইনু হাজৰিকা ৷ দুৰ্ভগীয়া সন্তান দুটিৰ ভৱিষ্যতক লৈ এতিয়া চকুলোৰে বাট নেদেখা হৈছে মহিলাগৰাকীয়ে । চৰকাৰৰ কোনো এখন অভিলাসী আঁচনিয়ে আজিও স্পৰ্শ নকৰা পৰিয়ালটোৱে উপায়ন্তৰ হৈ অৱশেষত সহায় বিচাৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷
Last Updated : Feb 3, 2023, 8:26 PM IST