Leopard Attack : মৰিয়নীত নাহৰফুটুকীৰ আক্ৰমণত আহত 10 বছৰীয়া শিশু - Leopard Attack
🎬 Watch Now: Feature Video
Published : Nov 15, 2023, 9:06 PM IST
যোৰহাট, 15 নৱেম্বৰ : মৰিয়নী নগৰত নাহৰফুটুকীৰ মুক্ত বিচৰণ অব্যাহত ৷ ফলত ভয়, শংকাৰ মাজত দিন কটাবলগীয়া হৈছে নগৰবাসী ৰাইজে ৷ বুধবাৰে পুনৰ বন বিভাগৰ অফিচৰ নিচেই কাষতে জ্যোতি নগৰত নাহৰফুটুকীৰ আক্ৰমণত আহত হয় এটি 10 বছৰীয়া শিশু ৷
জানিব পৰা মতে সন্ধিয়া শিশুটিয়ে ঘৰৰ ওচৰতে আয়োজন কৰা জ্যোতি নগৰ কালী পূজা মণ্ডপলৈ পূজা চাবলৈ বুলি অহাৰ সময়ত এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হয় ৷ বিগত প্ৰায় এমাহ অধিকৰো দিন ধৰি বন বিভাগৰ অফিচৰ কাষতে এটা নাহৰফুটুকীয়ে অৱস্থান কৰি কেইবাগৰাকীও লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰা লগতে বহু পশুধনো নিধন কৰিছে ৷
কিন্তু এতিয়াও নাহৰফুটুকীটো কৰায়ত্ব কৰাত বিফল হৈছে বন বিভাগ ৷ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ প্ৰশাসনে নগৰবাসী ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ জাননী প্ৰেৰণ কৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ উঠিছে ৷
লগতে পঢ়ক : 3 arrested in Chabua: আৰক্ষীৰ গাড়ী ভাঙি জালত পৰিল তিনি জুৱাৰী