thumbnail

By

Published : Aug 4, 2023, 10:28 PM IST

ETV Bharat / Videos

Child death: জীয়াঢল নদীৰ এৰাসুঁতিত পৰি দেৱশিশুৰ কৰুণ মৃত্যু

ধেমাজি, 4 আগষ্ট : ধেমাজি জিলাৰ কেইবাটাও প্ৰান্তত এতিয়াও শাম কটা নাই বান পৰিস্থিতি ৷ শেহতীয়া বানৰ বাবে ফেনে ফুটুকাৰে বাঢ়িছে নৈ উপনৈসমূহ ৷ ফলত বিগত দিনকেইটাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহুতো কণমানিকে ধৰি লোক নৈ, উপনৈত পৰি সলিল সমাধি ঘটনাৰ বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে ৷ এইবাৰ ধেমাজি জিলাত এটি কণমানিয়ে পানীত পৰি অকাল মৃত্যুক সাৱটি লয় ৷

শুকুৰবাৰে ধেমাজি বিষ্ণুপুৰ নাথ গাৱঁত এই অঘটন সংঘটিত হৈছে ৷ প্ৰায় দুবছৰীয়া এটি কণমানি শিশু জীয়াঢল নদীৰ এৰাসুঁতিত পৰি কৰুণ মৃত্যুক সাৱটি লয় ৷ শিশুটিৰ মাতৃ-পিতৃপথাৰলৈ যোৱাৰ সময়তে নদীখনৰ সুঁতিত পৰি মৃত্যু হয় দেৱলীনা গগৈ নামৰ কণমানি শিশুটিৰ ৷ ইয়াৰ পিচতে সম্প্ৰতি শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে স্থানীয় লোকে ৷ শিশুটোৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক: Cough syrup seized: প্ৰায় 3.50 কো‌টি টকাৰ ফেন্সি‌ডাইল কফ চিৰাপ জব্দ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.