thumbnail

By

Published : Jul 8, 2023, 6:12 PM IST

ETV Bharat / Videos

Road safety measures:নগাঁও জিলাত পথ দুৰ্ঘটনা সন্দৰ্ভত সজাগতা সভা

কলিয়াবৰ, 8 জুলাই : কলিয়াবৰত নৱ-নিৰ্মিত চাৰিলেনযুক্ত পথত সঘনাই হোৱা দুৰ্ঘটনা ৰোধৰ বাবে কলিয়াবৰৰ নলতলিত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ উপস্থিতিত শনিবাৰে এক সজাগতা সভা অনুষ্ঠিত হয় । সভাত স্থানীয় ৰাইজৰ পথ সংক্ৰান্তীয় বিভিন্ন অভাৱ-অভিযোগৰ বিষয়ে আলোচনাৰ লগতে সেই বিষয়ে ল’বলগীয়া ব্যৱস্থাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়া হয় ।

পথ সুৰক্ষাৰ বাবে চৰকাৰৰ লগতে ৰাইজেও মানিবলগীয়া সকলো ধৰণৰ নীতি-নিয়মে পথ দুৰ্ঘটনাৰ ৰোধ কৰাৰ লগতে শান্তিপূৰ্ণ যাতায়ত সম্ভৱ কৰি তুলিব বুলি মুখ্য সচিবগৰাকীয়ে সভাত মত প্ৰকাশ কৰে । সভাত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব তথা আৰক্ষী বিষয়া গৌৰৱ উপাধ্যায়ো উপস্থিত থাকে । উপাধ্যায়ে কয়, নগাঁও জিলা পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত তৃতীয় স্থানত থকাৰ বিপৰীতে কামৰূপ মহানগৰ আৰু কামৰূপ জিলা প্ৰথম আৰু দ্বিতীয় স্থানত আছে । এই ক্ষেত্ৰত প্ৰায় আশী শতাংশ লোক ২৫ বছৰ অনুৰ্ধৰ যুৱক যি এই দুৰ্ঘটনাসমূহত পতিত হৈছে । সভাত তেওঁলোকে জানিবলৈ দিয়ে যে দুৰ্ঘটনা ৰোধ কৰিবলৈ অসম চৰকাৰে বিভিন্ন কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : Illegal Timber Seized at Kaliabor: কলিয়াবৰত দুৰ্ঘটনাত পতিত চোৰাং কাঠ ভৰ্তি বাহন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.