ETV Bharat / state

উৎসৱৰ বতৰত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই আগবঢ়াইছে ২৬ খন বিশেষ ৰে’লৰ সুবিধা - festival special trains

author img

By ANI

Published : 2 hours ago

NFR festive trains: শৰৎ ঋতুৰ আগমণৰ লগে লগে আৰম্ভ হ’ল উৎসৱৰ বতৰ ৷ এই উৎসৱৰ বতৰত মানুহে পৰিয়ালৰ সৈতে সময় উপভোগ কৰিবলৈ আপোন ঘৰখনলৈ যাবলৈ চেষ্টা কৰে ৷ বহুতেই এই ক্ষেত্ৰত ৰে’ল যাত্ৰাকেই প্ৰথম পছন্দ কৰা দেখা যায় ৷ যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱৰ বতৰত কেবাখনো বিশেষ ৰে’ল চলোৱাৰ পৰিকল্পনা কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৷

NORTHEAST FRONTIER RAILWAY
FESTIVAL SPECIAL TRAINS (ANI)

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ: উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NFR) আগন্তুক দুৰ্গা পূজা, দীপাৱলী আৰু ষঠ পূজাৰ সময়ত সুচল ভ্ৰমণৰ সুবিধাৰ বাবে অহা ১ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ২৬ খন বিশেষ ৰে’ল চলাবলৈ সাজু হৈছে ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়াৰ মতে এই বিশেষ ৰে’লসমূহে যাত্ৰা পথত থকা অমৃতসৰ, বেংগালুৰু, গোৰখপুৰ, প্ৰয়াগৰাজ, কলকাতা, আনন্দ বিহাৰ, শ্ৰী গংগানগৰ আদি গুৰুত্বপূৰ্ণ গন্তব্যস্থানসমূহৰ লগতে আন আন গুৰুত্বপূৰ্ণ গন্তব্যস্থানসমূহকো সামৰি ল’ব ।

উৎসৱ বিশেষ এই ৰে’লসমূহে এই সময়ছোৱাত জ’নৰ ভিতৰত আন্তঃসংযোগ বৃদ্ধি কৰি আগৰতলা, নাহৰলগুন, শিলচৰ, নিউ তিনিচুকীয়া, ডিব্ৰুগড়, কাটিহাৰ আদি অঞ্চলকে ধৰি অন্যান্য কাষৰীয়া অঞ্চলসমূহলৈও যাত্ৰা কৰিব ।

এই উৎসৱসমূহৰ সময়ত এইবাৰ ২৫৪ টা ভ্ৰমণৰ বাবে ২৬ খন বিশেষ ৰে’লৰ প্ৰস্তাৱ উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগবঢ়াইছে । ২০২৩ চনৰ তুলনাত চলিত বৰ্ষত উত্তৰ-পূব সীমান্ত ৰে’লৱেই উৎসৱৰ বতৰত ৰে’ল আৰু ভ্ৰমণৰ সংখ্যা প্ৰায় দুগুণ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় ৰে’লৱেই প্ৰতি বছৰে উৎসৱৰ সময়ত বিশেষ ৰে’ল চলায়, সেই অনুসৰি আগন্তুক উৎসৱৰ বতৰৰ বাবে এই বছৰ ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা নৱেম্বৰলৈকে ৬ হাজাৰৰো অধিক বিশেষ ৰে’ল চলাচল কৰাৰ কথা ।

উল্লেখযোগ্য যে দুৰ্গা পূজা, দীপাৱলী আৰু ষঠ পূজাৰ সময়ত লাখ লাখ যাত্ৰীয়ে দেশজুৰি যাত্ৰা কৰে । সেয়ে এই সময়ছোৱাত বিশেষ ৰে’লৰ চলাচল বহু পৰিমাণে বৃদ্ধি কৰা হৈছে, যাতে যাত্ৰীসকলৰ ভ্ৰমণ সুচল কৰিব পৰা যায় ৷ ৰে’লৱেৰ বিবৃতিটো এই কথা কোৱা হৈছে ৷

অহা দুমাহত এই বিশেষ ৰে’লসমূহে ৰে’লযোগে যাত্ৰা কৰা যাত্ৰীসকলে আৰামত নিৰাপদে আৰু নিৰৱচ্ছিন্নভাৱে গন্তব্যস্থানত উপনীত হোৱাটো নিশ্চিত কৰিব । যোৱা বছৰ ২০২৩ চনত ভাৰতীয় ৰে’লৱেই আকৰ্ষণীয়ভাৱে মুঠ ৪৪২৯ খন উৎসৱ বিশেষ ৰে’ল চলাইছিল, যাৰ ফলত লাখ লাখ যাত্ৰীয়ে আৰামদায়কভাৱে ভ্ৰমণ অভিজ্ঞতা লাভ কৰিছিল ।

প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক লোকে পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দৰে পূব আৰু উত্তৰ ভাৰতৰ ৰাজ্যসমূহলৈ দুৰ্গা পূজা, দীপাৱলী আৰু ষঠ পূজাৰ বাবে যাত্ৰা কৰে ।

চিপিআৰঅ’ৰ বিবৃতিত উল্লেখ কৰা অনুসৰি এই উৎসৱসমূহে জনসাধাৰণৰ বাবে কেৱল ধৰ্মীয় তাৎপৰ্যকেই নহয়, পৰিয়ালৰ সৈতে পুনৰ মিলনৰ এক গুৰুত্বপূৰ্ণ সুযোগো প্ৰদান কৰে । উৎসৱৰ বতৰত যাত্ৰীৰ প্ৰচণ্ড ভিৰৰ বাবে বেছিভাগ ৰে’লেই দুমাহৰ পৰা তিনিমাহ আগতেই টিকট ৰিজাৰ্ভেশ্যনৰ তালিকাত সোমোৱা দেখা যায় । ইয়াৰ সমাধানৰ বাবে ভাৰতীয় ৰে’লৱেই এইবাৰ উৎসৱৰ বতৰত পুনৰবাৰ বিশেষ ৰে’ল চলাইছে । (ANI)

লগতে পঢ়ক: উৎসৱৰ বতৰত বিশেষ ৰে'ল - NF Railway

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.