Moinaporia Namghar : ঐতিহাসিক মইনাপৰীয়া নামঘৰত উপস্থিত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা - টীয়কৰ ঐতিহাসিক মইনাপৰীয়া নামঘৰ
🎬 Watch Now: Feature Video


Published : Nov 11, 2023, 5:03 PM IST
টীয়ক, 11 নৱেম্বৰ : শনিবাৰে টীয়কৰ লাহদৈগড়স্থিত ঐতিহাসিক মইনাপৰীয়া নামঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা ৷ উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাৰ পৰিয়ালৰ ফালৰ পৰা ঐতিহাসিক মইনাপৰীয়া নামঘৰলৈ ভাওনা সভা আগবঢ়াইছিল । সেয়ে শনিবাৰে পূৱাৰ ভাগত মইনাপৰীয়া নামঘৰত উপস্থিত হৈ ভক্তসকলৰ ওচৰত সেৱা লয় ৰিণিকি ভূঞা শৰ্মাই ৷
এইক্ষেত্ৰত শৰ্মাই কয় যে, দিনৰ ভাগত নাম প্ৰসংগ আৰু নিশালৈ নৃসিংহ মূৰাৰী ভাওনা প্ৰদৰ্শন কৰা হ’ব ৷ পৰিয়ালৰ সকলো সদস্যৰ কুশল-মংগলৰ কামনাৰে ভাওনা আগবঢ়োৱা হৈছে বুলি জানিবলৈ দিছে শৰ্মাই ৷ আনহাতে উক্ত কাৰ্যসূচীত যোৰহাট জিলা আয়ুক্ত পুলক মহন্ত, যোৰহাট আৰক্ষী সঞ্চালক মোহন লাল মীনা, টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, বিজেপি নেত্ৰী নৱনীতা সন্দিকৈৰ লগতে ভালেসংখ্যক বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে ৷
লগতে পঢ়ক:Chief minister special scheme: ১৮ টকা কেজিত বিক্ৰী হয় মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ চাইকেল