ষঠ পূজাৰ বাবে সাজু গুৱাহাটীৰ চূণচালি ঘাট - চূণচালি ঘাট
🎬 Watch Now: Feature Video


Published : Nov 18, 2023, 3:40 PM IST
গুৱাহাটী, ১৮ নৱেম্বৰ : কাইলৈৰ পৰা আৰম্ভ হ'ব বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ পৱিত্ৰ উৎসৱ ষঠ পূজা । ষঠ পূজা উপলক্ষে সম্পূৰ্ণ বৈদিক নীতি-নিয়ম অনুযায়ী দেওবাৰে আবেলি সূৰ্য অস্ত যোৱাৰ সময়ত আৰু পৰহিলৈ অৰ্থাৎ সোমবাৰে পুৱা সূৰ্য উদয় হোৱাৰ সময়ত ব্ৰহ্মপুত্ৰৰ পাৰত সূৰ্য দেৱতাক পূজা আৰু স্মৰণ কৰা হ’ব ।
ষঠ পূজাৰ আগমনৰ লগে লগে সাজু হৈছে মহানগৰীৰ পূজাসম্পন্ন হোৱা মহানগৰীৰ ঘাটসমূহ । মহানগৰীৰ অন্যতম চূণচালি ঘাটটোও সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে । বিগত প্ৰতিবছৰৰ দৰে এই বেলিও পূব চূণচালি ষঠ পূজা ঘাটত সেৱা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ষঠ পূজা । বিগত কেইবাদিন ধৰি দিনে নিশাই প্ৰায় অৰ্ধ শতাধিক শ্ৰমিকে কাম কৰাৰ অন্তত সাজু হৈ উঠিছে চূণচালি ঘাট ।
ইপিনে ঘাটটোত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । পূজা আয়োজক কমিটিয়ে জনোৱা মতে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই ঘাটত প্ৰায় শতাধিক স্বেচ্ছাসেৱী বাহিনীৰ লোক আৰু আৰক্ষী বাহিনীৰ লোক নিয়োজিত হৈ থাকিব । এইবেলি ঘাটত প্ৰায় পাঁচ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে ।
লগতে পঢ়ক : ডুমডুমাত ষঠ পূজাত পিতৃ-মাতৃৰ সোঁৱৰণত সামগ্ৰী বিতৰণ