thumbnail

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 5:00 PM IST

ETV Bharat / Videos

CM relief to Social Worker: বিশিষ্ট সমাজ সেৱক বিজয় কৃষ্ণ গোস্বামীক ১ লাখ টকাৰ চেক প্ৰদান

হোজাই,১০ নৱেম্বৰ:   হোজাইৰ একালৰ সমাজসেৱক বিজয় কৃষ্ণ গোস্বামীলৈ মুখ্যমন্ত্ৰীৰ সাহায্য । কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লংকাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে বৰ্তমান মানসিকভাৱে অসুস্থ হোজাই জিলাৰ জুঠাংবস্তিৰ বিজয় কৃষ্ণ গোস্বামীলৈ এক লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।  

জানিব পৰা মতে বিজয় কৃষ্ণ গোস্বামী ৭০ দশকৰ এজন সমাজ সেৱক আছিল । কিন্তু কেইদিনমান আগৰেপৰা বিশিষ্ট সমাজ সেৱকগৰাকীয়ে হেৰুৱাইছিল মানসিক ভাৰসাম্য । স্থানীয় ৰাইজৰ তৎপৰতাত গুৱাহাটী চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ পাছত বৰ্তমান তেওঁ কিছু পৰিমাণে সুস্থ অৱস্থালৈ ঘূৰি আহে ।  

আৰ্থিক দৈন্যতাত ভোগা সমাজ সেৱকগৰাকীৰ কথা মুখ্যমন্ত্ৰীগৰাকীক জনোৱাত তেওঁ আগবঢ়াইছিল এক লাখ টকাৰ সাহায্য । সেইমৰ্মে বৃহস্পতিবাৰে হোজাই জিলাৰ অতিৰিক্ত আয়ুক্তগাৰকী তেওঁৰ বাসগৃহত উপস্থিত হৈ প্ৰদান কৰে এক লাখ টকাৰ চেক । বিজয় কৃষ্ণ গোস্বামীক পঞ্চায়তৰ পৰা এটি ঘৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে জিলা অতিৰিক্ত আয়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: Magician Sushmita Talukdar : যাদুশিল্পী সুস্মিতা তালুকদাৰলৈ এজেপিৰ ডেৰ লাখ টকাৰ আৰ্থিক সাহায্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.