thumbnail

By

Published : May 10, 2023, 10:03 PM IST

ETV Bharat / Videos

Cheque distribution: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বর্ষপূৰ্তি উপলক্ষে ৰঙিয়াত চেক বিতৰণ

ৰঙিয়া,১০ মে': ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন ৰাজ্য চৰকাৰখনৰ দ্বিতীয় বর্ষপূৰ্তি উপলক্ষে ৰঙিয়াত চিকিৎসা সাহায্যৰ চেক বিতৰণ কৰে । ৰঙিয়াৰ উত্তৰ কামৰূপ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত চেক বিতৰণ কৰে ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই (Distribution of medical aid cheques at Rangia) । সমষ্টিটোৰ ৩৮০ গৰাকী হিতাধিকাৰীক ৩৫ লাখ টকাৰ সাহায্য় বিতৰণ কৰে ৰাজ‍্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।  

সভাখনত ভাষণ প্ৰদান কৰি তেওঁ পূৰ্বতে কোনো চৰকাৰেই এনেধৰণে ৰাইজক চিকিৎসাৰ বাবদ সাহায্য আগবঢ়োৱা নাই বুলি কৈ এয়া বিজেপি চৰকাৰৰ অন্য এক সাফল্য বুলি দাবী কৰে (Bhabesh Kalita at Rangia) । লগতে ৰাজ‍্যত চৰকাৰে হিতাধিকাৰীৰ বাবে প্ৰণয়ন কৰা বিভিন্ন স্বাস্থ্য সেৱাৰ লগতে আঁচনিসমুহৰ বিষয়েও সবিস্তাৰে ব‍্যাখ‍্যা কৰে সভাপতিগৰাকীয়ে । তেওঁ কয় যে, এনেদৰে বিজেপিৰ বাহিৰে আন কোনো দলেই ৰাইজৰ হিতাৰ্থে কাম কৰিব নোৱাৰে । 

লগতে পঢ়ক: Shameful case in Dibrugarh: প্ৰথমে কিশোৰী পত্নীক নিৰ্যাতন; তাৰ পাচত ভাইৰেল কৰিলে নগ্ন ফটো !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.