Charak puja: চিলাপথাৰত অনুষ্ঠিত হ’ল ৫৪ সংখ্যক চড়ক পূজা - চিলাপথাৰত অনুষ্ঠিত হ’ল ৫৪ সংখ্যক চড়ক পূজা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 15, 2023, 12:55 PM IST

জোনাই, 15 এপ্ৰিল : চ'তৰ সংক্ৰান্তিৰ দিনা বিভিন্ন আলৌকিক কাৰ্যকলাপৰে ধেমাজিৰ চিলাপথাৰত অনুষ্ঠিত হ'ল পৰম্পৰাগত চড়ক পূজা । হৰ-গৌৰী প্ৰাৰ্থনাৰে ভক্তই প্ৰদৰ্শন কৰে বহু দুঃসাহসিক, শিহৰণকাৰী ক্ৰীড়া কৌশল । উল্লেখ্য যে লিঙ্গপুৰাণ, বৃহদ্ধৰ্মপুৰাণ আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণত চ’ত মাহত শিৱ আৰাধনা প্ৰসংগত নৃত্য-গীত আদি উৎসৱৰ বিষয়ে উল্লেখ আছে যদিও চড়ক পূজাৰ উল্লেখ নাই বা পঞ্চদশ ষোড়শ শতাব্দীত ৰচিত গোবিনানন্দৰ বৰ্যক্ৰিয়া কৌমুদী আৰু ৰঘুনন্দনৰ তিথিতত্ত্বত এই পূজাৰ উল্লেখ পোৱা নাযায় (Charak Puja celebrated in Assam) ৷

অৱশ্যে জনশ্ৰুতিমতে ১৪৮৫ খ্ৰীষ্টাব্দত সুন্দৰানন্দ ঠাকুৰ নামে এজন ৰজাই প্ৰজাৰ কল্যাণৰ হেতু এই পূজাৰ প্ৰথম প্ৰচলন কৰিছিল । তাৰ পাচৰ পৰাই প্ৰচলিত হয় এই চড়ক পূজা । চিলাপথাৰৰ কাষৰীয়া ভৈৰৱপুৰত ১৯৬৯ চনৰ পৰাই কমল দাস নামৰ এজন সন্যাসীৰ নেতৃত্বত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে একেলগে অনুষ্ঠিত কৰি আহিছে এই চড়ক পূজা । পিঠিত বৰশীৰে বিন্ধি চক্ৰাকাৰে ঘূৰোৱা, তীক্ষ্ণ দাৰ ওপৰত শয়ন, খোজ কৰা আদি কেইবাটাও আশ্চৰ্যকৰ খেলা প্ৰদৰ্শন কৰী হয় এই পূজাৰ সময়ছোৱাত (Charak Puja celebrated at Jonai )। 

এই ক্ৰীড়া কৌশল প্ৰৰ্দশনত কোনো বিষ বা আঘাত অনুভৱ নহয় । গভীৰ বিশ্বাস আৰু একচিত্তে শিৱ বা দেৱী কালীমাক ভক্তি কৰিলে এই দৈৱশক্তি লাভ কৰে বুলি সদৰী কৰে ভক্তই ।

লগতে পঢ়ক : Japan PM Bomb Attack : বোমা আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা জাপানৰ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.