20 নৱেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব স্বাস্থ্য সেৱা উৎসৱ, চৰাইদেউত ব্যাপক প্ৰস্তুতি - Charaideo District Health Department

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 9:47 PM IST

ডিব্ৰুগড়, 18 নৱেম্বৰ : ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া স্বাস্থ্য সেৱা উৎসৱক লৈ বিশেষ প্ৰস্তুতি চলাইছে চৰাইদেউ জিলা স্বাস্থ্য বিভাগে ৷ স্বাস্থ্য সেৱা উৎসৱ সন্দৰ্ভত শনিবাৰে এক সংবাদমেল সম্বোধান কৰে চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক চৈয়দ তহিদুৰ হুছেইনে ৷ 20 পৰা 22 নৱেম্বৰলৈকে ৰাজ্যত অনুষ্ঠিত হ’ব এই স্বাস্থ্য সেৱা উৎসৱ ৷

শনিবাৰে সংবাদমেলত চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক হুছেইনে কয় , ‘‘তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগা স্বাস্থ্য সেৱা উৎসৱ কাৰ্যসূচী জিলাখনৰ 22 খন চৰকাৰী চিকিৎসালয়ত অনুষ্ঠিত হ'ব । স্বাস্থ্য বিভাগৰ ওপৰিও জিলাখনৰ অন্যান্য বিভাগৰ বিষয়াক এই স্বাস্থ্য সেৱা উৎসৱত পৰ্যালোচনা কৰিবলৈ নিয়োগ কৰা হৈছে ৷’’

তেওঁ লগতে কয় যে, যেনেদৰে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত গুণোৎসৱৰ দৰে অনুষ্ঠান আয়োজন কৰি বিভিন্ন সমস্যা সমাধান কৰিছে, ঠিক তেনেদৰে আমাৰ স্বাস্থ্য খণ্ডত থকা বিভিন্ন সমস্যা মূল্যায়নৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এই স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰিছে ৷

লগতে পঢ়ক:মামা-চাচাৰ কম্বিনেশ্যন থকালৈকে অসমত বিজেপি চৰকাৰ আহিয়েই থাকিব : যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.