Chamber of Commerce: বৰপেটাত চেম্বাৰ অৱ কমাৰ্চৰ শাখা গঠন

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 5:17 PM IST

thumbnail

বৰপেটা,৩ ছেপ্টেম্বৰ: বৰপেটাত গঠন কৰা হয় চেম্বাৰ অৱ কমাৰ্চৰ শাখা ৷ অসম চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি ৰূপম গোস্বামীৰ উপস্থিতিত আজি চেম্বাৰ অৱ কমাৰ্চৰ বৰপেটা শাখা সমিতিখন গঠন কৰা হয় ৷ সভাত মুকুট ৰঞ্জন দাসক সভাপতি আৰু দেৱজিৎ কুমাৰ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ একৈশ জনীয়া এখন সমিতি গঠন কৰা হয় ৷  

সত্ৰনগৰী বৰপেটাৰ ব্যৱসায়ীসকলৰ উপস্থিতিত তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত অসম চেম্বাৰ অৱ কমাৰ্চৰ কাৰ্যকৰী সভাপতি শিশিৰ দেৱ কলিতা, জয়ন্ত শৰ্মা আৰু সাধাৰণ সম্পাদক সুজিত কুমাৰ সাহায়ো অংশগ্ৰহণ কৰে ৷ চেম্বাৰ অৱ কমাৰ্চৰ বৰপেটা শাখা গঠন সভাত অংশ লৈ চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি ৰূপম গোস্বামীয়ে নৱ প্ৰজন্মক কৰ্মসংস্থাপন সৃষ্টিৰ বাবে আহ্বান জনায় ৷  

লগতে পঢ়ক: Inter District Chess Championship: লখিমপুৰত তিনিদিনীয়াকৈ আৰম্ভ সদৌ অসম আন্তঃজিলা দবা প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.