Srinkhal Chaliha issue : শৃংখল চলিহাৰ মুক্তিৰ দাবী বীৰ লাচিত সেনাৰ
🎬 Watch Now: Feature Video
শিৱসাগৰ, 8 মে’ : ‘‘শৃংখল চলিহাৰ গ্ৰেপ্তাৰ এক ষড়যন্ত্ৰমূলক ৷ এই গ্ৰেপ্তাৰৰ অভিযোগসমূহে যোগাইছে কেৱল হাঁহিৰ খোৰাকহে ৷ এক অনা অসমীয়া বণিক গোষ্ঠীৰ লগত চৰকাৰে মিলি শৃংখল চলিহাক নিঃশেষ কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে ।’’ সোমবাৰে এই মন্তব্য কৰে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখপাত্ৰ প্ৰকাশ বৰুৱাই ৷ সোমবাৰে পুৱাই শিৱসাগৰৰ নগৰৰ শৃংখল চলিহাৰ ঘৰত উপস্থিত হয় বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখপাত্ৰ প্ৰকাশ বৰুৱা (Prakash Baruah react on Srinkhal Chaliha issue)৷
শৃংখল চলিহাৰ ঘৰত উপস্থিত হৈ ভুৱা গোচৰত শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি সোচ্চাৰ হৈ পৰে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখপাত্ৰগৰাকী (Srinkhal Chaliha arrested)। শৃংখল চলিহাৰ গ্ৰেপ্তাৰৰ প্ৰসংগক আলম লৈ তেওঁ কয়, ‘‘ইয়াৰ আগত অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰি আদালতত মুখ ঠেকেচা খাইছে এইখন চৰকাৰে ৷ তেনেদৰে শৃংখল চলিহাৰ ক্ষেত্ৰতো অনুৰূপ মুখ ঠেকেচা খাব চৰকাৰে । কিয়নো তেওঁলোকে কোনো কাৰণত শৃংখল চলিহাৰ বিৰুদ্ধে অনা মিছা অভিযোগসমূহ প্ৰমাণ কৰিব নোৱাৰিব’’ ।
জনসাধাৰণৰ গণতান্ত্ৰিক আৰু সাংবিধানিক অধিকাৰ খৰ্ব কৰা এইখন চৰকাৰৰ বিৰুদ্ধে ৰাইজ একত্ৰিত হোৱাৰ সময় আহি পৰিল বুলি মন্তব্য কৰে বৰুৱাই ৷ তেওঁ লগতে কয় যে, চৰকাৰে যদি অনতিপলমে শৃংখল চলিহাক মুক্তি প্ৰদান নকৰে, তেন্তে আনাগত দিনত বিজেপি চৰকাৰখন ওফৰাই পেলাবলৈ বীৰ লাচিত সেনাই এক নিৰৱিচিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৷
লগতে পঢ়ক : Srinkhal Chaliha issue : শৃংখল চলিহাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া