thumbnail

By

Published : Feb 27, 2023, 5:06 PM IST

ETV Bharat / Videos

Holi in Rangia: বঙালীকুছিৰ ৰাজহুৱা দৌল মহোৎসৱৰ শতবৰ্ষৰ আয়োজন

ৰঙিয়া, ২৭ ফেব্ৰুৱাৰী: ৰঙিয়াৰ বঙালীকুছিত উদযাপন কৰা হ'ব ৰাজহুৱা দৌল মহোৎসৱৰ শতবৰ্ষ অনুষ্ঠান (Centennial Year of Daul Festival at Rangia)। সেয়েহে বঙালীকুছিত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । অহা ৪ মাৰ্চৰ পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গৌৰৱোজ্জ্বল শতবৰ্ষ উদযাপনক লৈ ব্যাপক প্ৰস্তুতি চলিছে বঙালীকুছিত (Centenary of Bangalikusi Public Daul Festival)। এই উপলক্ষে দৌল মন্দিৰ তথা চৌহদ সজাই পৰাই আকৰ্ষণীয় কৰি তুলিছে ভক্তপ্ৰাণ ৰাইজে । ইয়াত হোলী গীতৰ নৃত্যৰ আখৰা চলিছে পূৰ্ণোদমে । বৃহত্তৰ অঞ্চলটোৰ যুৱতীসকলে ব্য়স্ত হৈ পৰিছে হোলী গীতৰ নৃত্যৰ আখৰাত ।  

 পিচপৰি ৰোৱা নাই মহিলাসকলো । অঞ্চলটোৰ বড়ো মহিলাসকলো ব্যস্ত হৈ পৰিছে গীত-মাতত । তেওঁলোকে দৌলত গীত-মাত পৰিবেশন কৰিব । এতিয়া কৃষ্ণ বন্দনাত মুখৰিত বঙালীকুছিৰ চৌদিশ । দৌলযাত্ৰা উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা, ধৰ্মীয়লোচনী সভাৰ লগতে এখন তথ্য সম্বলিত স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ'ব বুলি আয়োজকসকলে সদৰি কৰিছে । অহা ৭ মাৰ্চ মঙলবাৰে শতবৰ্ষৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব । দৌল মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে (Preparation of Holi in Rangia)।

উল্লেখ্য় যে, হোলী উৎসৱ উপলক্ষে গোৱা গীতবোৰত প্ৰাণাৱন্ত আৰু উদ্দীপনাময় কৃষ্ণলীলাৰ সাবলীল বৰ্ণনা কৰা হৈছে । এই গীতবোৰৰ মাজেদি আধ্যাত্মিক চিন্তা-চেতনা প্ৰসূত এক ধৰ্মীয় পৱিত্ৰ উৎসৱৰ ছবি এখন ফুটি উঠে । প্ৰতিটো হোলী গীতৰ মূৰ্ছনাত প্ৰকাশিত হৈ উঠে শ্ৰীকৃষ্ণৰ ফাকু খেলৰ বিষয় । সেয়েহে সকলোৱে এই সময়ত হোলী গীতৰ মাজত বিলীন হয় ।

দৌল উৎসৱক ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ বুলি কোৱা হয় । এই দৌল উৎসৱ হিন্দু ধৰ্মাৱলম্বী লোকে বিভিন্ন নামেৰে পালন কৰি আহিছে । অতীতৰে পৰা এই উৎসৱক হোলী, ফাকুৱা, ফলগু উৎসৱ, বসন্তোৎসৱ, মদনোৎসৱ, হোলিকা দাহন আৰু দেউল উৎসৱ আদি নামেৰে বিভিন্ন ৰাজ্যত পালন কৰি আহিছে । অসমৰ লগতে ওড়িশা, বিহাৰ, পশ্চিমবংগ আদিতো বিভিন্ন নামেৰে এই উৎসৱ পালন কৰে ।

লগতে পঢ়ক:Pancreatic cancer: শৰীৰত দেখা দিয়া এনে কিছুমান সাধাৰণ লক্ষণ হ'ব পাৰে Pancreatic Cancer ৰ কাৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.