ETV Bharat / bharat

অৰুণাচলত লোমহৰ্ষক হত্যাকাণ্ডত নিহত ৪ - 4 KILLED IN ARUNACHAL PRADESH

অৰুণাচল প্ৰদেশৰ চেপাত নৃশংস হত্যাকাণ্ড ৷ মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি । চিকিৎসালয়ত সুৰক্ষা প্ৰদানৰ ঘোষণা স্বাস্থ্যমন্ত্ৰীৰ ।

4 killed in Arunachal Pradesh
অৰুণাচলত লোমহৰ্ষক হত্যাকাণ্ডত নিহত ৪ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 9:50 AM IST

তেজপুৰ : অৰুণাচল প্ৰদেশৰ চেপাৰ লোমহৰ্ষক হত্যাকাণ্ডত মুঠ ৪ জন লোকৰ মৃত্যুৰ তথ্য সদৰী কৰিছে আৰক্ষীয়ে । অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চেপাত বৃহস্পতিবাৰে এজন ৪০ বছৰীয়া ব্যক্তিয়ে জধেমধে ৯ জন লোকক চোকা দাৰে আক্ৰমণ কৰে ।

ঘটনা সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী বিয়োৰাম ৱাগে সংবাদ মাধ্যমক কয়, ‘‘এই ঘটনাটো অতি নিন্দনীয় । এখন চৰকাৰী চিকিৎসালয়ত এজন লোকে এনেধৰণৰ জঘন্যকাণ্ড সংঘটিত কৰা বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।’’ তেওঁ কয়, "অৰুণাচল প্ৰদেশৰ চৰকাৰী চিকিৎসালয়সমূহত সুৰক্ষা ব্যৱস্থা উন্নত কৰিবলৈ অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"

ইটিভি ভাৰতৰ তৰফৰ পৰা মন্ত্ৰী ৱাগেক যোগাযোগ কৰাত তেওঁ কয় যে তেওঁ ইতিমধ্যে ঘোষণা কৰা তথ্য নিশ্চিত । আনহাতে, চেপাৰ আৰক্ষী অধীক্ষকে শুকুৰবাৰে জনায় যে এই ঘটনাত মুঠ ৪ জন লোকৰ ইতিমধ্যে মৃত্যু হয় আৰু ৫ জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে ।

উল্লেখ্য যে, চেপাৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত নিকাম সংবিয়া নামৰ লোকজনে চিকিৎসালয়ত প্ৰৱেশ কৰি দাৰে এফালৰ পৰা ঘপিয়াই যায় । চেপাৰ আৰক্ষী অধীক্ষক কে সিকমে ইটিভি ভাৰতক কয়, "প্ৰায় ৪০ বছৰীয়া লোকজনে চৰকাৰী চিকিৎসালয়ত প্ৰৱেশ কৰি প্ৰথমে চিকিৎসাধীন হৈ থকা তেওঁ ভনীয়েকক দাৰে ঘপিয়ায় । ইয়াৰ পিছত সন্মুখত থকা সকলোকে লক্ষ্য কৰি উপৰ্যুপৰি দাৰে আক্ৰমণ কৰে ।"

তেওঁ কয় যে এই আক্ৰমণত সদৰ আৰক্ষী বিষয়া মিনলি গেই (Minli Geyi) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক উন্নত চিকিৎসাৰ বাবে ৰাজধানী ইটানগৰলৈ প্ৰেৰণ কৰা হৈছে । বৰ্তমান তেওঁ কিছু আৰোগ্য বুলি সদৰী কৰে ।

আৰক্ষী বিষয়া মিনলি গেই চিকিৎসালয়খনৰ লোকক আক্ৰমণৰ পৰা বচাবলৈ যাওঁতে তেওঁৰ বাঁওহাতখনত দাৰ ঘাপ লাগি বেয়াকৈ আঘাত লগা বুলি আৰক্ষী অধীক্ষক সিকমে জানিবলৈ দিয়ে । আৰক্ষী অধীক্ষকে কয়, "বৰ্তমানলৈকে প্ৰাৰম্ভিক অনুসন্ধানত জানিবলৈ পৰা মতে ব্যক্তিজনৰ পাৰিবাৰিক কন্দলৰ পৰা এই ঘটনাৰ সূত্ৰপাত ঘটে । ইতিমধ্যে ঘাটক নিকাম সংবিয়াক আৰক্ষীৰ জিম্মাত ৰখা হৈছে । এই ঘটনা সন্দৰ্ভত চেপা সদৰ থানাত ৰুজু কৰা গোচৰ নম্বৰ হৈছে Case No. 83/2024 u/s 103(1)/ 109/ 118(2) BNS Act 2023 । বৰ্তমানেও ঘটনাৰ তদন্ত অব্যাহত আছে ।"

আনহাতে, চেপাৰ আঘাতপ্ৰাপ্ত আৰক্ষী বিষয়া মিনলি গেই বৰ্তমান কিছু পৰিমাণে আৰোগ্য লাভ কৰিছে বুলি আৰক্ষী অধীক্ষক সিকমে জনায় ।

লগতে পঢ়ক :পত্নী-কন্যাক হত্যা: এফালৰ পৰা ঘপিয়াই গ'ল ৯ জনকৈ লোকক
লগতে পঢ়ক :অসম-মণিপুৰ সীমান্তত মেইটেই সম্প্ৰদায়ৰ ২ শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.