গোলাঘাটত বীৰছা মুণ্ডাৰ জন্মজয়ন্তী উদযাপন - BHAGWAN BIRSA MUNDA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 10:43 PM IST

গোলাঘাট: বাগিচা অঞ্চলত ছাত্ৰ-ছাত্ৰীসকলক চাহ জনগোষ্ঠীৰ বীৰছা মুণ্ডাৰ বীৰত্বৰ বিষয়ে সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে শুকুৰবাৰে বীৰ যোদ্ধাগৰাকীৰ জন্মজয়ন্তী উদযাপন কৰা হয় । গোলাঘাটৰ ৰঙাজান চাহ বাগিচাত সদৌ আদিবাসী মহিলা সন্থা গোলাঘাট জিলা সমিতিয়ে বীৰ বীৰছা মুণ্ডাৰ জন্মজয়ন্তী উদযাপন কৰে ।  

ৰঙাজান চাহ বাগিচাৰ ড'নবস্কো জীৱন জ্যোতি বিদ্যালয় প্ৰাঙ্গনত এই উপলক্ষে বীৰ বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আদিবাসী মহিলা সন্থাৰ সভাপতি মুক্তাধান, সম্পাদক বহাগী ওৰাং, বিদ্যালয়খনৰ প্ৰধান শিক্ষক চিলবানুচ চুৰিণ আৰু ছাত্ৰ-ছাত্ৰীসকলে ।  

সভাপতি মুক্তাধানে বীৰগৰাকীৰ বীৰত্বৰ আৰু আত্মবলিদান বিষয়ে আলোকপাত কৰি কয়," বীৰছা মুণ্ডাই আমক উদ্ধাৰ কৰিবলৈ নিজৰ প্ৰাণ আহুতি দিছিল যদিও আজি তেওঁৰ নাম নোহোৱা হৈছে । যাৰ বাবে আমি অসমৰ চুকে কোনে এই মহান বীৰগৰাকীৰ নাম জনাজাত কৰিব বিচাৰিছো । লগতে উঠি অহা যুৱ প্ৰজন্মক অভিভাৱকৰ লগত বীৰছা মুণ্ডাৰ বিষয়ে আলোচনা কৰক । লগতে আমাৰ চাহ জনগোষ্ঠী সমাজ সকলো ক্ষেত্ৰত পিছপৰা । আদিবাসী লোক নম্ৰ বাবে আমি আন্দোলন নকৰো ।  আমি শান্তিৰে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰো । "

উল্লেখ্য যে ১৮৭৫ চনৰ ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ খুঁটি জিলাৰ উলিহাতু গাঁৱত এটি দৰিদ্ৰ পৰিয়ালৰ ঘৰত জন্মগ্ৰহণ কৰা বীৰছা মুণ্ডা আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰনী সেনা । ব্ৰিটিছ ঔপনিৱেশিক শাসনকালত স্থানীয় আদিবাসী জনসাধাৰণৰ ওপৰত কৰা শোষণৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰিছিল । ১৮৯৫ত বীৰছা মুণ্ডাই উক্ত অঞ্চলত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়ে, যিটো বিদ্ৰোহ উলগুলান নামেৰে জনাজাত । প্ৰায় দুবছৰ বীৰছা মুণ্ডা আৰু তেওঁৰ অনুগামীসকলে ব্ৰিটিছ বিষয়াসকলক আক্ৰমণ কৰি সা-সম্পত্তি ধ্বংস কৰিছিল । কিন্তু ব্ৰিটিছে বীৰছা মুণ্ডাক গ্ৰেপ্তাৰ কৰি ৰাঁচীৰ জেলত বন্দী কৰিছিল । অৱশেষত ১৯০০ চনৰ ৯ জুনত ৰহস্যজনক ভাৱে বীৰছা মুণ্ডাৰ মৃত্যু হয় ।

লগতে পঢ়ক:বীৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীত বীৰ যোদ্ধাক স্মৰণ

চাবুৱাত জনজাতীয় গৌৰৱ দিৱস: বীৰছা মুণ্ডাক স্মৰণ সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.