ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চতুৰ্থ এদিনীয়াত জয় লাভেৰে টি-20 শৃংখলা দখল ভাৰতৰ - IND VS SA T20 SERIES

চতুৰ্থ টি 20 ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 135 ৰাণত জয় লাভ ভাৰতৰ ৷ 3-1 ব্যৱধানত শৃংখলা দখল ভাৰতৰ ৷

ind vs sa t20 series
টি-20 শৃংখলা দখল ভাৰতৰ (AP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 16, 2024, 1:04 PM IST

স্প’ৰ্টছ ডেস্ক: জোহান্সবাৰ্গত অনুষ্ঠিত চতুৰ্থখন টি-20 ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 135 ৰাণত পৰাস্ত ভাৰত ৷ সমান্তৰালকৈ এই শৃৃংখলাটো 3-1 ব্যৱধানত দখল কৰে ভাৰতে ৷

মেচৰ আৰম্ভণিতে টছত জয় লাভ কৰি ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সঞ্জু চেমছন আৰু তিলক বাৰ্মাৰ দৰ্শনীয় শতকৰ সহায়ত ভাৰতে 20 অভাৰত এটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 283 ৰাণ ৷ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই 18.2 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 148 ৰাণ সংগ্ৰহ কৰে ৷ যাৰ বাবে দলটো ভাৰতৰ বিৰুদ্ধে 135 ৰাণত পৰাস্ত হয় ৷

135 ৰাণত জয়ী ভাৰত

ভাৰতে প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাৰ সন্মুখত বান্ধি দিছিল 284 ৰাণৰ লক্ষ্য ৷ পিছে দলটোৱে 10 টা উইকেটৰ বিনিময়ত মাত্ৰ 148 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ৰাণৰ ক্ষেত্ৰত চাবলৈ গ’লে টি-20 ত দক্ষিণ আফ্ৰিকাৰ বাবে এয়া সকলোতকৈ লজ্জাজনক পৰাজয় ৷

দক্ষিণ আফ্ৰিকাৰ বাবে টি-20 ত সৰ্ববৃহৎ পৰাজয় (ৰাণৰ ক্ষেত্ৰত)

  • 135 বনাম ভাৰত জোহান্সবাৰ্গ 2024 *
  • 111 বনাম অষ্ট্ৰেলিয়া ডাৰবান 2023
  • 107 বনাম অষ্ট্ৰেলিয়া জোহান্সবাৰ্গ 2020
  • 106 বনাম ভাৰত জোহান্সবাৰ্গ 2023

আনহাতে, ৰাণৰ ক্ষেত্ৰত এয়া ভাৰতৰ বাবে তৃতীয় সৰ্ববৃহৎ জয় । 2023 চনত আহমেদাবাদত নিউজিলেণ্ডৰ বিৰুদ্ধে 168 ৰাণৰ জয় আৰু 2018 চনত ডাবলিনত আয়াৰলেণ্ডৰ বিৰুদ্ধে 143 ৰাণৰ জয়ৰ পিছত এয়া আছিল দলটোৰ বাবে তৃতীয়টো সৰ্ববৃহৎ জয় ।

তিলক বাৰ্মা শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ

ভাৰতৰ যুৱ বাওঁহতীয়া বেটছমেন তিলক বাৰ্মাক শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয় । তিলক বাৰ্মাই অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ স্থানত তিনি নম্বৰত বেটিং কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৷ সেইমৰ্মে দলৰ তিনি নং স্থানত বেটিং কৰিবলৈ অহা তিলকে একেৰাহে দুটা ইনিংছত শতক অৰ্জন কৰিছিল । তিলক বাৰ্মাই এই শৃংখলাৰ 4 টা ইনিংছত সংগ্ৰহ কৰিছিল মুঠ 280 ৰাণ ৷ লগতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই শৃংখলা জয়ত পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা ।

সঞ্জু চেমছন আৰু তিলক বাৰ্মাৰ দৰ্শনীয় শতক

সঞ্জু চেমছন আৰু অভিষেক শৰ্মাই মুকলি কৰিছিল ভাৰতৰ ইনিংছ ৷ অভিষেকে 18 টা বলত দুটা চাৰি আৰু 4 টা ছয়েৰে 36 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতিছিল । ইয়াৰ পিছত তিনি নং স্থানত বেটিং কৰা তিলক বাৰ্মাৰ সৈতে সঞ্জুৱে যুটি বান্ধি দ্বিতীয় উইকেটত অপৰাজিত 210 ৰাণ সংগ্ৰহ কৰে ৷

সঞ্জু চেমছনে 51 টা বলত 6 টা চাৰি আৰু 8 টা ছয়েৰে কেৰিয়াৰৰ তৃতীয়টো টি-20 আন্তঃৰাষ্ট্ৰীয় শতক সম্পূৰ্ণ কৰে । সঞ্জুৱে ভাৰতৰ হৈ 56 টা বলত 6 টা চাৰি আৰু 9 টা ছয়ৰ সহায়ত 109 ৰাণৰ অপৰাজিত ইনিংছ খেলে । তিলক বাৰ্মাই 41 টা বলত 6 টা চাৰি আৰু 9 টা ছয়েৰে দ্বিতীয়টো টি-20 আন্তঃৰাষ্ট্ৰীয় শতক সম্পূৰ্ণ কৰে ।

তিলক হৈছে সঞ্জু চেমছনৰ পিছত ভাৰতৰ হৈ একেৰাহে দুখন টি-20 মেচত শতক অৰ্জনকাৰী দ্বিতীয়গৰাকী বেটছমেন ৷ বেটছমেন দুগৰাকীৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে ভাৰতে শুকুৰবাৰৰ মেচখনত এটা উইকেটৰ বিনিময়ত 283 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

অৰ্শদীপ আৰু হাৰ্দিকৰ প্ৰাৰম্ভিক উইকেট দখল

ভাৰতে বান্ধি দিয়া 284 ৰাণৰ লক্ষ্য আগত লৈ দক্ষিণ আফ্ৰিকাৰ হৈ ৰিজা হেণ্ড্ৰিক্স আৰু ৰিয়ান ৰিকেল্টনে ইনিংছ মুকলি কৰে ৷ টীম ইণ্ডিয়াৰ বলাৰ অৰ্শদীপ সিঙে শূন্য ৰাণতে হেণ্ড্ৰিক্সক ক্ৰিজৰ পৰা বিদায় দিয়ে ৷ পৰৱৰ্তী সময়ত দলটোৰ অধিনায়ক এডেন মাৰ্ক্ৰাম তিনি নম্বৰত বেটিং কৰিবলৈ আহে ।

ইয়াৰ পিছত হাৰ্দিক পাণ্ডিয়াই ইনিংছৰ দ্বিতীয়টো বলত ৰিয়ান ৰিকেলটনক পেভিলিয়নলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: ভাৰত-দক্ষিণ আফ্ৰিকাৰ তৃতীয় টি-20 ত স্থাপন বহু অভিলেখ; শৃংখলাত 2-1 ত অগ্ৰগতি ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.