ETV Bharat / state

ডিব্ৰুগড়ৰ হাকৈ বিলত সমূহীয়া মৎস্য চিকাৰ - COMMUNITY FISHING AT HAKAI BEEL

হেৰাই যাব খোজা চহা জীৱনৰ পৰম্পৰা ধৰি ৰাখিছে ডিব্ৰুগড়ৰ ৰাইজে । পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড়ৰ হাকৈ বিলত হাজাৰৰো অধিক লোকৰ সমূহীয়া মৎস্য চিকাৰ ।

Community fishing at Hakai Beel in Dibrugarh
ডিব্ৰুগড়ৰ হাকৈ বিলত সমূহীয়া মৎস্য চিকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2024, 1:19 PM IST

ডিব্ৰুগড়: শাওণৰ বোকাময় পথাৰ সোণোৱালী হৈ পৰাত পথাৰত ব্যস্ততা বৃদ্ধি পাইছে কৃষক ৰাইজৰ । পুৱা নিয়ৰ সৰা লগে লগে পথাৰলৈ ঢাপলি মেলিছে দাৱনী । সোণালী হৈ পৰা পথাৰত ব্যস্ত হৈ পৰাৰ মাজতে হেৰাই যাব খোজা চহা জীৱনৰ পৰম্পৰা ধৰি ৰাখিব খুজিছে ডিব্ৰুগড়ৰ ৰাইজে । কিয়নো শীতৰ আগমনৰ লগে লগে প্ৰায় বিলাক বিলৰে পানী শুকাবলৈ ধৰে । পানী শুকোৱাৰ লগে লগে বিলত উভৈনদী হৈ পৰে মাছ ।

সৰু-বৰ সকলো মাছেই উপলব্ধ হয় এই বিলসমূহত । ডিব্ৰুগড় নিগমৰ হাকৈ বিলত তেনে এক দৃশ্যই দেখিবলৈ পোৱা গ'ল । হাজাৰৰো অধিক লোকে সমূহীয়াকৈ মৎস্য চিকাৰ কৰিবলৈ ওলাই আহিল বিলখনলৈ । মৰাণ, লেঙেৰী, বামুণবাৰী, তিলৈ, খোৱাং, শেনচোৱা পুখুৰী, নাহৰণি, হালধিবাৰী আদিৰ শতাধিক গাঁৱৰ ৰাইজে হাতে হাতে জাল, পল লৈ সমূহীয়াকৈ মাছ ধৰিলে বিলখনত ।

ডিব্ৰুগড়ৰ হাকৈ বিলত সমূহীয়া মৎস্য চিকাৰ (ETV Bharat Assam)

শ শ লোকে ধৰিলে ৰৌ, বৰালি, বাহু, শ'ল আদি মাছ । বুঢ়ীদিহিং নদীৰ পানী বাঢ়ি অহাৰ লগে লগে মাছসমূহ বিলত ৰৈ যায় আৰু পানী শুকাবলৈ ধৰাৰ লগে লগে বিলসমূহত এনেদৰে মাছৰ উজান উঠিবলৈ ধৰে । একো একোজন লোকে ৪-৫ কেজি পৰ্যন্ত মাছ ধৰি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় । বিলখনত সমূহীয়া মৎস্য চিকাৰৰ নান্দনিক দৃশ্যই মুহিলে বহুজনক । সমূহীয়া মাছ ধৰা চাবলৈ ভিৰ কৰিলে শ শ লোকে ।

  • সমূহীয়া মৎস্য চিকাৰ পৰম্পৰা কিয় জীয়াই ৰাখিছে ৰাইজে :

অতীতৰ গ্ৰাম্য অঞ্চলসমূহত এটা পৰম্পৰা আছিল বছৰত এখন বিল বা জানত অঞ্চলটোৰ পুৰুষ মহিলাসকলে একলগ হৈ মাছ ধৰিছিল । সেই দিনটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল । এই পৰম্পৰাই একতা আৰু মিলা-প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছিল যদিও ক্ৰমাৎ হেৰাই গৈছে এই পৰম্পৰা ।

কিন্তু ডিব্ৰুগড় জিলাৰ গ্ৰাম্য অঞ্চলৰ ৰাইজে আজিও এই পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে । ফলত আজি এইদৰে হাকৈ বিলত হাজাৰৰো অধিক লোকে সমূহীয়া মৎস্য চিকাৰ কৰা পৰিলক্ষিত হয় ।

  • কি কি মাছ ধৰিছে ৰাইজে :

ৰাজ্যখনৰ ভিতৰতে এইবাৰ ডিব্ৰুগড়ৰ খোৱাঙত বানৰ ভয়াবহতা অধিক হৈছিল । এই বছৰত দুটাকৈ ভংয়কৰ বানৰ ফলত বুঢ়ীদিহিঙ নদীৰ পানীয়ে কেইবাটাও স্থানত মথাউৰি আৰু ৰিংবান্ধ চিঙি নিয়াত সকলো জান-জুৰি, বিলত বুঢ়ীদিহিঙৰ পানী উপচি পৰিছিল । পানী কমি যোৱাত বিভিন্ন প্ৰজাতিৰ মাছ ৰৈ গৈছিল বিল আৰু জান জুৰিসমূহত আৰু এতিয়া পানী শুকাবলৈ ধৰাৰ লগে লগে বিলসমূহত পুৰ্বতকৈ অধিক মাছ ধৰিবলৈ সক্ষম হৈছে ৰাইজে ।

লগতে পঢ়ক: বকোৰ মইহাম বিলত পৰম্পৰাগত মৎস্য চিকাৰ

community fishing: সমূহীয়া মৎস্য চিকাৰৰ দৃষ্টিনন্দন দৃশ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.