- যমুনাৰ তীৰৰ বৃন্দাবনত পৰিণত মাজুলী
মাজুলী : "শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন । ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন ।’’ লক্ষ্মী পূৰ্ণিমাত মাজুলীৰ সত্ৰসমূহৰ লগতে অৰ্ধশতাধিক মঞ্চত পৰম্পৰাগতভাৱে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা ‘‘নাট মেলা পৰ্ব’’ আৰম্ভ হয় । মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্ধ শতাধিক ৰংগমঞ্চত ৰাসলীলা অনুষ্ঠিত হয় ।
বৃহস্পতিবাৰে আৰম্ভ হয় অধিবাস আৰু এই অধিবাসেৰে দাক্ষিণপাট সত্ৰত ৰাসৰ কাৰ্যসূচী আৰম্ভ হয় । ১৮৫ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি দক্ষিণপাট সত্ৰত অনুষ্ঠিত হৈছে ৰাস । ১৮৫ বছৰীয়া পৰম্পৰাৰে সোণ আৰু ৰূপৰ মুকুট পিন্ধি কৃষ্ণ-বলোৰামৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰে দৰ্শক তথা ৰাসপ্ৰেমী ৰাইজক । ঐতিহাসিক দক্ষিণপাটত সত্ৰৰ ৰাসত মহাপ্ৰভুৰ লগতে বৃন্দাবন চন্দ্ৰ প্ৰভু পূজনৰ সমন্তৰালকৈ কৃষ্ণ-বলোৰামৰো পূজন হয় ।
কৃষ্ণ-বলোৰাম প্ৰৱেশ কৰাৰ সময়ত দবা-শংখ ধ্বনিৰ মাজত এক আধ্যাত্মিক ভাবৰ সৃষ্টি হয় । য'ত সত্ৰাধিকাৰ সমন্বিত সকলো থিয় হৈ কৃষ্ণ-বলোৰামক সন্মান প্ৰদৰ্শন কৰে । ইয়াৰ পাছত পূজাৰীয়ে পূজা কৰি মানৱৰ পৰা দেৱতালৈ তেওঁলোকক পৰিৱৰ্তন কৰে । ইফালে মাজুলীলৈ ৰাস উপলক্ষে বিভিন্ন দেশী-বিদেশী হাজাৰ হাজাৰ পৰ্যটকৰ আগমন ঘটিছে ।
- সত্ৰীয়া ৰীতি-পৰম্পৰাৰে বৰপেটা সত্ৰত ৰাস উদযাপন
বৰপেটা : সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰে বৰপেটা সত্ৰৰ দালানৰ সন্মুখত সত্ৰীয়া ৰীতি-পৰম্পৰাৰে সম্পূৰ্ণ আধ্যাত্মিকভাৱে পালন কৰা হয় পবিত্ৰ ৰাস পূৰ্ণিমা ৷ বৰপেটা সত্ৰৰ দালানৰ সন্মুখত পবিত্ৰ ৰাস পূৰ্ণিমাৰ নিশা বৃন্দাবন সদৃশ পৰিৱেশৰ সৃষ্টি হয় ।
কৃষ্ণ প্ৰেম আৰু আধ্যাত্মিক ভাবনাত মগন হৈ পৰে বৰপেটা সত্ৰবাসী ৷ কৃষ্ণভক্তিত বিলীন গোপ-গোপিনীসকলে সত্ৰৰ দালানৰ সন্মুখত অংশগ্ৰহণ কৰে ৰাস নৃত্যত ৷ যেন বৃন্দাবনৰ তীৰত ভগৱান শ্ৰীকৃষ্ণই গোপীনিসকলৰ সৈতে অংশ লৈছে ৰাসক্ৰীড়াত ।
উল্লেখ্য যে, বৰপেটা সত্ৰৰ আইসকলে পৰম্পৰাগতভাৱে বৰপেটা সত্ৰত ৰাস পূৰ্ণিমা পালন কৰি আহিছে ৷ ৰাস পূৰ্ণিমা উপলক্ষে আইসকলৰ নামৰ লগতে বৰপেটা সত্ৰৰ দালানৰ সন্মুখত এইদৰে গোপ-গোপিনীসকলে অংশ লয় শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস নৃত্যত । বৰপেটাৰ ঠাকুৰ বজাৰ যুৱ সংঘৰ উদ্যোগত আয়োজন কৰা ৰাসত সত্ৰনগৰীৰ অসংখ্য ভক্ত তথা দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয় ।
- দুই সহস্ৰাধিক দৰ্শকৰ সমাগমেৰে অন্ত পৰিল ৰাইদঙীয়া আঞ্চলিক ৰাস মহোৎসৱৰ
মৰাণ : শৰতৰ নিয়ৰসনা নিশা ৰাসৰ মাদকতা লৈছে ৰাজ্যবাসীয়ে । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছে ৰাস মহোৎসৱ । দুদিনীয়াকৈ অনুষ্ঠিত হোৱা মৰাণৰ ৰাইদঙীয়া আঞ্চলিক ৰাস মহোৎসৱ শুকুৰবাৰে নিশা সামৰণি পৰে । প্ৰত্যেক দুই বছৰৰ অন্তৰে অন্তৰে উদযাপন কৰা এই ৰাস অনুষ্ঠানত এইবাৰ কংস, ৰাধা আদি চৰিত্ৰত অংশ লয় মাজুলীৰ শিল্পীসকলে । প্ৰায় ডেৰশ গোপ-গোপীয়ে অংশ লয় এই ৰাস মহোৎসৱত ।
১৪ তাৰিখৰ প্ৰথম ৰজনীৰ সফল সামৰণিৰ অন্তত শনিবাৰে পুৱতি নিশা দ্বিতীয় ৰজনী অনুষ্ঠিত হয় । প্ৰায় দুই সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বড়াই দ্বিতীয় ৰজনী উদ্বোধন কৰে । ৪৪ বছৰ গৰকা এই ৰাস উদ্বোধন কৰি মন্ত্ৰী বিমল বড়াই ৰাইদঙীয়া আঞ্চলিক ৰাস মহোৎসৱ অনুষ্ঠিত প্ৰেক্ষাগৃহটো নিৰ্মাণৰ বাবে ৩৬ লাখ টকা ধন আৱণ্টনৰ কথা ঘোষণা কৰে । আনহাতে, উদযাপন সমিতিয়ে অতি নিখুঁতভাৱে ৰাস অনুষ্ঠিত কৰাৰ বাবে উদযাপন সমিতিক তেওঁ ধন্যবাদ জনায় ।
উল্লেখ্য যে, ১৯৮০ চনৰ পৰাই ৰাইজে উদযাপন কৰি অহিছে মৰাণৰ ঐতিহাসিক ৰাইদঙীয়া আঞ্চলিক ৰাস । উদযাপন সমিতিয়ে প্ৰতি দুটা বৰ্ষৰ অন্তৰে অন্তৰে উদযাপন কৰি অহা ৰাস মহোৎসৱে এইবাৰ ভৰি দিছে দ্বি-একবিংশতিতম্ বৰ্ষত । ১৪ আৰু ১৫ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাত এইবাৰ কংস, ৰাধা আদি চৰিত্ৰত পোন প্ৰথমবাৰৰ বাবে অংশ লয় মাজুলীৰ শিল্পীসকলে ।
জাকজমকতাৰ পৰা আঁতৰি আধ্যাত্মিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত কৰি অহা এই ৰাস অনুষ্ঠান উপভোগ কৰিবলৈ প্ৰতিবছৰ দৰে এইবাৰো বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে ভিৰ কৰেহি । ৰাস উপভোগ কৰি সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই কয়, "৪৪ বছৰে ৰাইদঙীয়া আঞ্চলিক ৰাইজে যিদৰে শ্ৰীকৃষ্ণৰ ৰাস অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ই আমাৰ সমাজৰ বাবে ইতিবাচক কথা । এই অনুষ্ঠানটো দীৰ্ঘদিনীয়া অনুষ্ঠান সেয়ে এই অনুষ্ঠান আমি সজীৱ কৰি ৰাখিব লাগিব । উদ্যোক্তাসকলৰ আহ্বানক সঁহাৰি জনাই আঞ্চলিক ৰাস মহোৎসৱ অনুষ্ঠিত হোৱা প্ৰেক্ষাগৃহটো নিৰ্মাণৰ বাবে ৩৬ লাখ টকা আৱণ্টন দিয়া হ'ব ।"
- উত্তৰ কলিয়াবৰ হাজাৰ সমিতিৰ পুৰুষ অভিনীত ৰাস উৎসৱত লোকাৰণ্য
কলিয়াবৰ : কলিয়াবৰৰ ঐতিহ্যমণ্ডিত হাজাৰ সংস্কৃতিৰ অন্যতম অংগ উত্তৰ কলিয়াবৰ হাজাৰ । ৭৮ বছৰ পূৰ্বে স্থাপিত বৃহত্তৰ কলিয়াবৰ উত্তৰাংশৰ মুঠ ২২ খন গাঁৱৰে সমৃদ্ধ উত্তৰ কলিয়াবৰ হাজাৰে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা উৎসৱ আয়োজন কৰে ।
ৰাসস্থলীত উপস্থিত হৈ শুভেচ্ছামূলক বাৰ্তা আগবঢ়াই মন্ত্ৰী কেশৱ মহন্তই কয়, "গুৰুজনাৰ 'কেলি-গোপাল' নাটভাগৰ আধাৰত পৰিৱেশন হোৱা কলিয়াবৰীয়া ৰাসৰ এক বিশেষ বৈশিষ্ট্য আছে । গুৰুজনাৰ অপূৰ্ব কৃষ্টি-সংস্কৃতিৰ চৰ্চা-চৰ্যা কৰি যোৱা গুৰুজনাৰ আদৰ্শৰে প্ৰতিষ্ঠিত হোৱা গৰিমাময় ধৰ্মীয় সংগঠনসমূহৰ অনুগামী সকলো আহি উত্তৰ কলিয়াবৰৰ ৰাস উৎসৱত একত্ৰিত হৈ উদ্যাপন কৰাটোও অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় ।"
উল্লেখ্য যে, প্ৰায় দুই শতাধিক পুৰুষে গোপীৰ ভাৱত নৃত্য-অভিনয়েৰে উপস্থিত দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখে । কনিষ্ঠৰ পৰা বৃদ্ধ বয়সৰ পুৰুষেও গোপীৰ ভাও লোৱা দেখা যায় ।