SP Leena Doley in Nagaon : নগাঁও আৱৰ্ত ভৱনত উপস্থিত SP লীনা দলে

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 11:50 AM IST

thumbnail

নগাঁও, 7 অক্টোবৰ : অৱশেষত চি বি আইৰ জেৰাৰ সন্মুখীন হ’ব বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলে । নগাঁও আৱৰ্ত ভৱনত থকা চিবিআইৰ দলে জেৰাৰ বাবে তলব কৰিছে বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক তথা নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেক ।

শনিবাৰে পুৱাই নগাঁও পুলিচ গেষ্ট হাউচত উপস্থিত হৈছে জোনমণি ৰাভাৰ মৃত্যুৰ বিতৰ্কত নাম সাঙোৰ খোৱা আৰক্ষী অধীক্ষক লীনা দলে ৷ নগাঁও আৱৰ্ত ভৱনতেই চিবিআইয়ে জেৰা চলাব নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেক ৷ সকলোৰে জ্ঞাত যে, এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত ৰখা চিবিআইৰ দলে ৷

জোনমণি ৰাভাৰ মৃত্যুৰ বিতৰ্কত সাঙোৰ খাই পৰিছিল আৰক্ষী অধীক্ষক লীনা দলেৰ নাম ৷ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল লীনা দলে । চিবিআইয়ে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰাৰ পিচতো লীনা দলেক জেৰা কৰা নকৰাক লৈ সৰৱ চর্চা আৰম্ভ হৈছিল সামাজিক মাধ্যমত ।

অৱশেষত নগাঁও আৱৰ্ত ভৱনত থকা চিবিআইৰ দলৰ জেৰাৰ সন্মুখীন হ’ব আৰক্ষী অধীক্ষক লীনা দলে ।

লগতে পঢ়ক : CBI interrogates Leena Doley : আজি CBI ৰ জেৰাৰ সন্মুখীন হ'ব আৰক্ষী অধীক্ষক লীনা দলে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.