CBI Constable money extortion: ধনদাবী কৰি CBI ৰ কনিষ্টবল আটক

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 7:56 PM IST

thumbnail

বঢ়মপুৰ, 11 ছেপ্টেম্বৰ: বজালীত আৰক্ষীৰ ধনদাবীৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই কামপুৰৰ কচুৱাত এইবাৰ CBI ৰ কনিষ্টবলে ব্যৱসায়ীক ধনদাবী কৰা ঘটনা সংঘটিত হৈছে ৷ ব্যৱসায়ীক ধনদাবী কৰি আটক হয় CBI ৰ এজন কনিষ্টবল ৷ ধৃত CBI ৰ কনিষ্টবলজন শিৱসাগৰ ডিমৌৰ অনন্ত ভড়ালী বুলি জানিব পৰা গৈছে ৷

জানিব পৰামতে কচুৱাৰ মাধাৱপাৰাৰ আব্দুল মালেক নামৰ এজন যুৱ ব্যৱসায়ীক ঘৰলৈ আহি ধনদাবী কৰিছিল ধৃত CBI ৰ কনিষ্টবলজনে ৷ যুৱ ব্যৱসায়ী আব্দুল মালেকৰ এটা পুৰণি পেপাৰৰ বাতৰি আধাৰত CBI ৰ কনিষ্টবল অনন্ত ভড়ালীয়ে ইন্টাৰনেটৰ পৰা সকলো নথি উলিয়াই ব্যৱসায়ীজনক যোগাযোগ কৰি বাসগৃহত উপস্থিত হয় ৷ 

নিজকে CBI ৰ কনিষ্টবল বুলি চিনাকি দি গোচৰৰ পৰা মুক্ত কৰিবলৈ ১০ হাজাৰ টকা দাবী কৰে ৷ পাচত যুৱ ব্যৱসায়ী আব্দুল মালেকে কচুৱা আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে আটক কৰিছে CBI ৰ কনিষ্টবলজনক ৷ 

উল্লেখ্য যে, ধৃত CBI ৰ কনিষ্টবলজন কৰ্মৰ পৰা এমাহৰ বাবে চুটি লৈ ঘৰলৈ আহিছিল ৷ বৰ্তমান কচুৱা আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: child sell by parents: এক লাখ টকাত পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে দুটি দেৱশিশুক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.