SI Junmoni Rabha death case update : নগাঁৱত CBI ৰ দল, কেবাগৰাকী আৰক্ষী বিষয়াক জেৰা চলোৱাৰ সম্ভাৱনা - কেবাগৰাকী আৰক্ষী বিষয়াক জেৰা চলোৱাৰ সম্ভাৱনা
🎬 Watch Now: Feature Video

নগাঁও, 16 জুন : এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ নগাঁৱত উপস্থিত হোৱা চি বি আইৰ দলে শুক্ৰবাৰেও তদন্ত চলাব নগাঁৱত । নগাঁও আৱৰ্ত ভৱনত থকা চি বি আইৰ দলটোৱে শুক্ৰবাৰে কেইবাগৰাকী আৰক্ষী বিষয়াক জেৰা চলোৱাৰ সম্ভাৱনা আছে ।
দহ-বাৰ দিন নগাঁৱতে বাহৰ পাতি তদন্ত অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে । চি বি আইৰ জেৰাৰ সন্মুখীন হ’ব পাৰে এছ আই ৰাজা ঈৰ্শ্বাদ । এগৰাকী ডি এছ পি ৰ নেতৃত্বত নগাঁৱত আছে চি বি আইৰ দলটো । অতি কম সময়ৰ ভিতৰতে চি বি আই য়ে তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক : SI Junmoni Rabha death case : জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ৪ টা গোচৰলৈ তদন্তত চি বি আইৰ দল