ব্যক্তিগত বাহনৰ সৈতে এটা গৰু চোৰ আটক - Cattle Theft incident
🎬 Watch Now: Feature Video


Published : Nov 17, 2023, 1:14 PM IST
|Updated : Nov 17, 2023, 3:50 PM IST
কলিয়াবৰ, 17 নৱেম্বৰ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে গৰু চুৰিৰ ঘটনা ৷ বিশেষকৈ নগাঁও জিলাত বিলাসী বাহন লৈ গৰু চোৰে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ শুকুৰবাৰে পুনৰ নগাঁও জিলাৰ ৰূপহীহাটৰ কাৱৈমাৰিত চুলুং আৰক্ষী টহলদাৰী চকীয়ে এক অভিযান চলাই এটা গভাইত গৰু চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ কলিয়াবৰত দীৰ্ঘ দিনধৰি গৰু চুৰি কৰি সন্ত্ৰাস সৃষ্টি আহিছিল চোৰটোৱে। আৰক্ষীয়ে লগতে জব্দ কৰে গৰু চুৰি কাৰ্যৰ লগত ব্যৱহৃত এ এছ 01 বি আৰ 2970 নম্বৰৰ এখন চাৰিচকীয়া বাহন।
চুলুং আৰক্ষীয়ে ইতিমধ্যে গৰু চোৰটোক জেল হাজোতলৈ পঠোৱাৰ দিহা কৰিছে। লক্ষণীয় যে, আৰক্ষীৰ অভিযানকো কেৰেপ নকৰি কলিয়াবৰত এনেদৰে কেইবাটাও দলে ব্যক্তিগত বাহন লৈ গৰু চুৰি কাৰ্য অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: গৰু চোৰ কৰিবলৈ আহি গৰুপিটন খালে গৰুচোৰে