Cattle seized at noonmati :নুনমাটিত কুৰবাণীৰ বাবে অনা গৰুভৰ্তি বাহন জব্দ

By

Published : Jun 26, 2023, 8:42 PM IST

thumbnail

গুৱাহাটী,২৬ জুন: ঈদৰ প্ৰাকক্ষণত নুনমাটি আৰক্ষীয়ে জব্দ কৰে দুখনকৈ গৰুভৰ্তি বাহন । জাগীৰোডৰ পৰা নুনমাটিলৈ ব্যৱসায়ীয়ে দুখন বাহনত ৫ টাকৈ গৰু সৰবৰাহ কৰি থকাৰ বিষয়ে জানিব পাৰি গুৱাহাটীৰ বজৰং দলৰ সদস্যই গৰু কঢ়িয়াই অনা AS-25-EC-2547 আৰু AS-25-DC-3958 নম্বৰৰ দুখনকৈ বাহন খেদি খেদি নুনমাটিত কৰায়ত্ত কৰিবলৈ সক্ষম হয় । তাৰ পিচত বজৰং দলে গৰুসহ বাহন দুখন নুনমাটি আৰক্ষীক গতাই দিয়ে ।

ইফালে, গৰুভৰ্তি বাহন দুখন আৰক্ষীয়ে জব্দ কৰাৰ পিচতে নুনমাটি থানত ভিৰ কৰে একাংশ লোকে । ঈদৰ কুৰবাণীৰ বাবে অনা গৰুভৰ্তি বাহন দুখন জব্দ কৰাক কেন্দ্ৰ কৰি বজৰং দল আৰু আনটো পক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় । পিছত মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ।

লগতে পঢ়ক:Illegal Cattle Smuggling: চোৰাংভাৱে সৰবাৰহ কৰা 12 হাল গৰু জব্দ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.