কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাত শেষ হাঁহি মাৰিলে কোনে? - বঁটা বিতৰণী অনুষ্ঠান

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 1:11 PM IST

ডিব্ৰুগড়, 15 ডিচেম্বৰ : দেশৰ আঠখন ৰাজ্যৰ ২৪ টা ফুটবল দলৰ অংশগ্ৰহণেৰে সামৰণি পৰিল কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণি ১৯ সংখ্যক ফুটবল প্ৰতিযোগিতা। ভাৰতীয় সেনা আৰু অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা ৷ ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দুলীয়াজান আৰু ডিগবৈত খেলসমূহ অনুষ্ঠিত হয় ।

দুলীয়াজানৰ নেহৰু ময়দানত অনুষ্ঠিত হোৱা কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ ১৯ সংখ্যক সংস্কৰণৰ চূড়ান্ত মেচত নিশা অইল এফ চিয়ে অসম ৰাইফলছক পৰাস্ত কৰে । দুলীয়াজানৰ নেহৰু ময়দানত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ চূড়ান্ত খেলখনৰ দ্বিতীয় ইনিংছত অইল এফ চি দলে অসম ৰাইফলছ দলক ২-০ গ’লত পৰাস্ত কৰে । সামৰণি অনুষ্ঠানৰ বঁটা বিতৰণী অনুষ্ঠানত শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ গৌৰৱান্বিত পিতৃ-মাতৃয়ে বিজয়ী আৰু ৰানাৰ্ছ আপক ট্ৰফী প্ৰদান কৰে । সামৰণি অনুষ্ঠান উপলক্ষে ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল হৰজিৎ সিং সাহী, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী নন্দিতা গাৰ্লোচা, কেপ্তেইন জিন্টু গগৈৰ পিতৃ-মাতৃ ঠগিৰাম গগৈ আৰু দুলুপ্ৰভা গগৈ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ লগতে অইল ইণ্ডিয়াৰ শীৰ্ষ বিষয়াকে ধৰি আন বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : আলটিমেট খো খো প্ৰতিযোগিতাত টেকনিকেল অফিচিয়েল হিচাপে নিৰ্বাচিত ৰূপা দাস ঠাকুৰীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.