বঙাইগাঁৱৰ কোকিলাত ভাং জব্দ, আটক এজন - অসমত অবাধে চলিছে ভাঙৰ বেহা
🎬 Watch Now: Feature Video
Published : Dec 20, 2023, 12:48 PM IST
মাণিকপুৰ, ২০ ডিচেম্বৰ: সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছ আৰু ভাং আদি সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই আছে যদিও ইয়াৰ মাজতে বঙাইগাঁও জিলাত অবাধে চলি আছে ভাঙৰ সৰবৰাহ । বুধবাৰে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা মাজপাৰাত আৰক্ষীয়ে অভিযান চলাই অবৈধ ভাং জব্দ কৰে । উত্থাপিত অভিযোগ মতে, জিলাখনৰ কোকিলা মাজপাৰা গাঁৱৰ ইছমাইল হুছেইনৰ দুই পুত্ৰ সোনা মিঞা আৰু আব্দুল বাতিনে দীৰ্ঘদিন ধৰি নিজৰ ঘৰত অবৈধভাৱে ভাং গছ ৰোপন কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ।
কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষীৰ দল এটাই অভিযান চলাই ভাং খেতি নষ্ট কৰাৰ লগতে ২৫ কিলোগ্ৰাম কেঁচা ভাং জব্দ কৰে । আৰক্ষীৰ উপস্থিতিৰ উমান পাই দুয়োজনে পলায়ন কৰে যদিও সন্ধিয়াৰ ভাগত সোনা মিঞাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক:উচ্চ শিক্ষিত পুত্ৰক লগত লৈ খেতিৰ জৰিয়তে পিতৃৰ স্বাৱলম্বিতাৰ দিশে খোজ