thumbnail

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 1:38 PM IST

ETV Bharat / Videos

Basistha Bus stand : বশিষ্ঠ মন্দিৰত বাছ আস্থান মুকলি পৰিবহন বিভাগৰ

গুৱাহাটী, ৪ নৱেম্বৰ : শনিবাৰে মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণ তথা যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বশিষ্ঠ মন্দিৰ চিটিবাছ আস্থান নামেৰে এটি বাছ আস্থান মুকলি কৰা হয় । কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ অধীনস্থ এই চিটিবাছ আস্থানটো পৰিচালনা কৰিব মহানগৰ পৰিবহণ সন্থা আৰু বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিয়ে ।

এই উপলক্ষে শুক্ৰবাৰে আয়োজিত অনুষ্ঠানটোত উপস্থিত থাকে এনফ চমেণ্ট জিলা পৰিবহণ বিষয়া হিমাংশু দাস, মহানগৰ পৰিবহণ সন্থাৰ সভাপতি পুলক গোস্বামী, বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক অমিয় শৰ্মা, এ এছ টি চিৰ ডি এছ নাহৰ ডেকা, মহানগৰ পৰিবহণ সন্থাৰ সম্পাদক বিপুল কলিতাকে ধৰি বহু পৰিবহণ বিভাগৰ কৰ্মচাৰী তথা বশিষ্ঠ মন্দিৰলৈ চলা চিটিবাছৰ চালক, পৰিচালকসকল ।

উল্লেখযোগ্য যে, বশিষ্ঠ মন্দিৰত বিশেষকৈ কেৱল চিটিবাছৰ বাবে বাছ আস্থান নথকা হেতুকে বহু চিটিবাছ বশিষ্ঠ মন্দিৰ চৌহদলৈ নগৈ আধা বাটৰ পৰা উভতি আহিছিল । এই বাছ আস্থান মুকলি কৰি ডি টি অ’ হিমাংশু দাসে বাছচালকসকলক পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰি দিয়া সকলো নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনায় । শনিবাৰে এই অনুষ্ঠানতে বশিষ্ঠ মন্দিৰ বাছ আস্থান লীজত দিয়া নহয় বুলিও স্পষ্ট কৰে পৰিবহণ বিষয়াজনে ।

লগতে পঢ়ক : Ajmal on Congress : এইবাৰ নিৰ্বাচনত ভূপেন বৰাই ডাঙৰ এটা হাঁহৰ আণ্ডা পাব : আজমল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.