Burmise battel nuts seized:কাছাৰৰ সোণাইত ৩০০ কুইণ্টল বাৰ্মিজ চুপাৰি জব্দ - বাৰ্মিজ চুপাৰি জব্দ
🎬 Watch Now: Feature Video
কাছাৰ, 27 মে’ : অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ মাজে সময়ে নানা ঠাইত বাৰ্মিজ চুপাৰি জব্দ কৰা হৈছে যদিও বহু অঞ্চলত অবাধে এই অবৈধ ব্যৱসায় চলিয়েই আছে ৷ শুকুৰবাৰে নিশা কাছাৰৰ সোণাইৰ বেৰাবাক অঞ্চলৰ কাবুগঞ্জ-সোণাই পৰ্তু পথত আৰক্ষীৰ এক অভিযানত এখন সন্দেহজনক ল’ৰীৰ পৰা প্ৰায় ৩০০ কুইণ্টল বাৰ্মিজ বেটেল বাদামৰ ৬৫ টা বস্তা উদ্ধাৰ কৰা হয় ।
জানিব পৰা মতে, নিৰেন্দ্ৰ চন্দ্ৰ সিনহাৰ নেতৃত্বত সোণাই আৰক্ষীয়ে নিশা প্ৰায় এক বজাত টহল দি থকা অৱস্থাত ল’ৰীখন আটক কৰে (Burmise battel nuts seized)। অৱশ্যে ল’ৰীখনৰ চালক আন কোনো লোকক গ্ৰেপ্তাৰ কৰিব পৰা নগ’ল ।
আৰক্ষীৰ বাহনখন দেখি ল’ৰী চালক আৰু তাত থকা আন লোকে পলায়ন কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে । ল’ৰীখন আৰক্ষীয়ে সোণাই থানালৈ লৈ আহে। আৰক্ষীৰ সূত্ৰ অনুসৰি ল’ৰীখনৰ পৰা ৬৫টা বস্তা উদ্ধাৰ কৰা হৈছে য’ত প্ৰায় ৩০০ কুইণ্টল বাৰ্মিজ বেটেল বাদাম আছে (Burmise battel nuts seized in Kachar)। বজাৰ মূল্য কেইবালাখ টকা হ’ব বুলি অনুমান কৰা হৈছে ।
লগতে পঢ়ক : Burmise battel nuts seized: হাইলাকান্দিত জব্দ বাৰ্মিজ চুপাৰি